দৰং,15 জানুৱাৰী :মঙলদৈ চহৰৰ সমীপৰ চপাই গধিয়াপাৰাৰ পৰা এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে সদৰি কৰা মতে,কিছু দিনৰ পূৰ্বে ধেমাজি জিলাৰ বৰদলনি ভকতগাঁৱৰ 23 বছৰীয়া ভাৰতী গগৈ মঙলদৈ চপাই গধিয়াপাৰাৰ বিমল ডেকাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল । তেওঁলোকৰ 5 বছৰীয়া এগৰাকী কন্যা শিশুও আছে বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে ৷
ঘটনাৰ বিৱৰণ অনুসৰি,শান্তিপ্ৰিয়া ডেকা নামৰ 5 বছৰীয়া কন্যাজনীক ঘৰত থৈ যোৱা 11 জানুৱাৰীৰ দিনা গুৱাহাটী উজান বজাৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকলৈ গৈছিল ভাৰতী গগৈ ৷ বেংকৰ পৰা 3 হাজাৰ টকাও উলিয়াইছিল বোৱৰী গৰাকীয়ে ৷