নিউজ ডেস্ক, 27 আগষ্টঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত লালপুলত অৱস্থান ধৰ্মঘট ৷ বিটিএডি অঞ্চলত বস-সংখ্যালঘু লোক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে লালপুলত আমছুৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে৷ বিটিএডিৰ সংখ্যালঘু সকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা, বিটিএডিৰ বাসিন্দা খাইৰুল ইছলাম, আমিনুল হুছেইন খান, ৰহিম বাদশ্বাহৰ হত্যাকাৰীক শাস্তি দিয়া আৰু মৃতকৰ পৰিয়ালক দহ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবীত সংগঠনটোৱে ওদালগুৰি জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালক চাৰি দফীয়া স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷
বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত সংখ্যালঘু অঞ্চলত অর্ধসামৰিক বাহিনী মোতায়েন কৰি সংখ্যালঘু ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনায় সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰে ৷ তাৰোপৰি প্ৰতিবাদী কাৰ্যসূচীৰ পাচত সংখ্যালঘূ ৰাইজৰ নিৰাপত্তা, ভুক্তভোগী পৰিয়ালক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে দোষী সকলক চিনাক্ত কৰি উচিত শাস্তিৰ ব্যৱস্থা প্ৰশাসনে নকৰে তেনেহলে আগন্তুক দিনত ইয়াতকৈ বৃহৎ গণতান্ত্ৰিক আনন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠটোৱে । লগতে বিটিএডিত সঘনাই উদ্ধাৰ হোৱা অবৈধ অস্ত্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় বিটিএডি প্ৰশাসনক । লগতে আগন্তুক দিনত বিটিএডিত কোনো অপ্ৰতিকৰ পৰিস্থিতি উদ্ভৱ হলে চৰকাৰ তথা প্ৰশাসন দায়ী হ'ব বুলিও সকীয়াই দিয়ে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ৷