অসম

assam

ETV Bharat / state

দলগাঁৱত উদ্ধাৰ উত্তৰ প্ৰদেশৰ চুৰি গাড়ী

দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বটাবাৰীত বৃহস্পতিবাৰে উদ্ধাৰ হয় উত্তৰ প্ৰদেশত চুৰি হোৱা এখন গাড়ী ৷ এ এছ-০১ ডি এছ-৭৩৭৩ নম্বৰৰ ফৰ্চুনাৰ গাড়ীখন ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে দলগাঁও আৰক্ষীয়ে ৷

চুৰি গাড়ী
উত্তৰ প্ৰদেশ

By

Published : Jan 16, 2020, 11:59 PM IST

দলগাওঁ,১৬ জানুৱাৰীঃ দৰং জিলাত সক্ৰিয় হৈ আছে আন্তঃৰাজ্যিক গাড়ীচুৰি চক্ৰ ৷ জিলাখনৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বটাবাৰীত বৃহস্পতিবাৰে উদ্ধাৰ হয় উত্তৰ প্ৰদেশত চুৰি হোৱা এখন গাড়ী ৷ এ এছ-০১ ডি এছ-৭৩৭৩ নম্বৰৰ ফৰ্চুনাৰ গাড়ীখন ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে দলগাঁও আৰক্ষীয়ে ৷ পিছে গাড়ীৰ মালিকক লগ নাপাই আৰক্ষীয়ে যোগাযোগ কৰে গুৱাহাটীৰ পৰিবহণ বিভাগত ৷ পিছত আৰক্ষীয়ে গাড়ীৰ গৰাকীক যোগাযোগ কৰাত গাড়ীখন চুৰি হোৱা বুলি সন্দেহ ওপজে আৰক্ষীৰ ৷

ঘটনাৰ তদন্ত ক্ৰমে উদ্ধাৰ হোৱা গাড়ীখন উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ শ্যামজী ষ্টীলৰ পৰা চুৰি হোৱা ইউ পি ১৪ ই এ ৯৯০০ নম্বৰৰ ফৰ্চুনাৰ গাড়ী বুলি দলগাঁও থানাৰ আৰক্ষী নিশ্চিত হয় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো লোকক এতিয়ালৈ আটক কৰিব পৰা নাই ৷

লগতে চাওকঃতিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা

ABOUT THE AUTHOR

...view details