অসম

assam

ETV Bharat / state

বিটিচিত এককভাৱে পৰিষদ গঠন কৰিব বিজেপিয়ে : ৰণজিৎ দাস

মঙলবাৰে ওদালগুৰি জিলাৰ 32 নং ভেৰগাঁও পৰিষদীয় সমষ্টিত বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰি বিজেপিয়ে কোকৰাঝাৰত এককভাৱে পৰিষদীয় চৰকাৰ গঠন কৰিব বুলি মন্তব্য ৰাজ্য়িক বিজেপি সভাপতি ৰণজিৎ কুমাৰ দাস । লগতে বিটিচিত এতিয়া সকলোৱে পৰিৱৰ্তন বিচাৰিছে বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে ৷

By

Published : Dec 2, 2020, 7:53 AM IST

state bjp president ranjit kumar das in udalguri
ওদালগুৰিত ৰাজ্য়িক বিজেপি সভাপতি ৰণজিৎ কুমাৰ দাস

দৰং,2 ডিচেম্বৰ : ওদালগুৰি জিলাৰ 32 নং ভেৰগাঁও পৰিষদীয় সমষ্টিত মঙলবাৰে পুৱাৰ ভাগত উপস্থিত হয় ৰাজ্য়িক বিজেপি সভাপতি ৰণজিৎ কুমাৰ দাস । ভেৰগাঁও পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ফটিক কছাৰীৰ সমৰ্থনত এক বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰি বিজেপিয়ে এইবাৰ কোকৰাঝাৰত এককভাৱে পৰিষদীয় চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে ৰণজিৎ দাসে ৷

ওদালগুৰিত ৰাজ্য়িক বিজেপি সভাপতি ৰণজিৎ কুমাৰ দাস

ভেৰগাঁও খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা ডিমাকুচি বৰঙাজুলি সত্ৰত সেৱা লৈ পুনৰ ডিমাকুচি খেলপথাৰত শেষ কৰা হয় । সভাপতি দাসে সাংবাদিকৰ আগত কয় যে, ‘‘আমি বিটিচিবাসীৰ সৈতে মিত্ৰতা স্থাপন কৰিছো । বিপিএফ, ইউপিপিএল, গণ সুৰক্ষা পাৰ্টী আৰু কংগ্ৰেছ-এআইইউডিএফক শত্ৰু হিচাপে লৈ বিজেপি দলে নিৰ্বাচনী যুঁজত আগবাঢ়িছে ।

বিটিচিত এতিয়া সকলোৱে পৰিৱৰ্তন বিচাৰিছে বুলি উল্লেখ কৰাৰ লগতে বিপিএফ দলৰ দুৰ্নীতিৰ পৰা সকলোৱে পৰিত্ৰাণ পাব বিচাৰিছে বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপি সভাপতি গৰাকীয়ে ।

লগতে পঢ়ক :তিনিচুকীয়াৰ ভোটাৰৰ সুবিধাৰ্থে তিনিদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা নিৰ্বাচনী বিষয়াৰ

ABOUT THE AUTHOR

...view details