দলগাঁও , ৭ জানুৱাৰী : খাৰুপেটীয়াত গ্ৰামীণ অৰ্থনীতিলৈ ভাবুকি কঢ়িয়াইছে কেৰ্কেটুৱাই (Squirrel threatening the rural economy)। ক্ষুদ্ৰ প্ৰাণীবিধে খাৰুপেটীয়াৰ বিভিন্ন অঞ্চলৰ উদ্যান শস্যৰ প্ৰতি বৰ্তমান প্ৰধান ভাবুকি স্বৰূপ হৈ পৰাত গ্ৰাম্য অৰ্থনীতিলৈ কঢ়িয়াই আনিছে ভাবুকি । সমান্তৰালভাৱে ভীষণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে গ্ৰামাঞ্চলৰ কৃষকসকল ৷
বিগত কেইবাটাও বছৰ ধৰি গ্ৰামাঞ্চলত এইবিধ প্ৰাণীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত হা-হুমুনিয়াহ কাঢ়ি দিন পাৰ কৰিবলগীয়া হৈছে উদ্যান শস্যৰ কৃষকসকলে । উল্লেখযোগ্য যে, খাৰুপেটীয়াৰ বিভিন্ন অঞ্চল আজিৰ পৰা এটা দশকমান আগলৈকে নাৰিকল ,তামোল উৎপাদনত যথেষ্ট চহকী আছিল । বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন গাঁৱৰ বহু পৰিয়াল নাৰিকল তামোল আদি বিক্ৰী কৰি বুজন পৰিমাণৰ ধন উপাৰ্জন কৰি আৰ্থিক সকাহ লাভ কৰিবলৈ সক্ষম হৈছিল ।
কিন্তু পৰিতাপৰ বিষয় যে গ্ৰামাঞ্চলৰ প্ৰায় সংখ্যক পৰিয়ালৰ তামোল বাৰীত এতিয়া জাকে জাকে কেৰ্কেটুৱা । এই ক্ষুদ্ৰ প্ৰাণী বিধে বাৰীৰ তামোল আৰু গছৰ নাৰিকল খাই খাস্তাং কৰাৰ ফলত দুয়োবিধ উদ্যান জাতীয় শস্য বিক্ৰী কৰাটো দূৰৰে কথা, অধিকসংখ্যক কৃষকে কিনি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । বাৰীৰ দুই এবিধ ফল, পাচলি, বগৰী, কৰ্দৈ আদি বিক্ৰী কৰি বহু পৰিয়াল আৰ্থিক ভাৱে লাভবান হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত অৰিহণা যোগায় আহিছিল । এইবিধ প্ৰাণীয়ে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত বৰ্তমান হেঙাৰ হৈ পৰা পৰিলক্ষিত হৈছে ।