দৰং,19 ছেপ্তেম্বৰ : দেওবাৰে দৰঙৰ ছিপাঝাৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ উপলক্ষে বিজেপিয়ে 20 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে ছিপাঝাৰত উপস্থিত হয় সোণোৱাল ৷ জানিবপৰা মতে বিজেপিয়ে উদযাপন কৰা সেৱা আৰু সংকল্প অভিযানৰ এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ৷
আনহাতে মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকোনীয়া গোবিন্দ আতাই 452 বছৰ পূৰ্ৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিক খটৰা সত্ৰতো উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকী ৷ তাৰ লগে লগে সত্ৰ পৰিচালনা সমিতিয়ে আদৰণি জনায় সৰ্বানন্দ সোণোৱালক ৷ ইপিনে সৰ্বানন্দ সোণোৱাল খটৰা সত্ৰত উপস্থিত হৈ ৰঘুনাথৰ আশীষ লয় ৷