দৰং , 27 মে':সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দৰং জিলাৰ অন্তৰ্গত ছিপাঝাৰ সমষ্টিৰ হাজৰিকাপাৰা গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ভাৰতে সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে ৷ সতীশ চহৰীয়া আৰু মিনু চহৰীয়াৰ পুত্ৰ ভাৰতে 92 শতাংশ নম্বৰ লাভ কৰাৰ পাচতো মুখত হাঁহি নাছিল পৰিয়ালটোৰ ৷ ভাৰতৰ উচ্চ শিক্ষাৰ বাটত দৰিদ্ৰতায়ে বাধাৰ হৈ থিয় দিছিল ৷
জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱাৰ সহায়ৰ হাত দৰঙৰ ভাৰতলৈ - উচ্চ শিক্ষা
সতীশ চহৰীয়া আৰু মিনু চহৰীয়াৰ পুত্ৰ ভাৰতে 92 শতাংশ নম্বৰ লাভ কৰাৰ পাচতো মুখত হাঁহি নাছিল পৰিয়ালটোৰ ৷ ভাৰতৰ উচ্চ শিক্ষাৰ বাটত দৰিদ্ৰতায়ে বাধাৰ হৈ থিয় দিছিল ৷
ভাৰতে মঙলদৈৰ এখন ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয়ত দুটা বছৰ বিনামূলীয়াকৈ পাঠদান গ্ৰহণ কৰে ৷ পিতৃয়ে দিন হাজিৰা আৰু মাতৃয়ে আনৰ ঘৰত বন কৰি ঘৰ খন চলাই নিয়াৰ লগতে পুত্ৰক পঢ়াৰ খৰছ বহন কৰি আহিছিল । তথাপিও দৰিদ্ৰতাক নেওচি ভাৰত চহৰীয়াই বহু কষ্টৰে পঢ়ি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 92 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, ভাৰত চহৰীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাতো 93 শতাংশ নম্বৰ পাবলৈ সক্ষম হৈছিল ৷ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ভাৰত চহৰীয়াই এজন ভাল প্ৰশাসনিক বিষয়া হোৱাৰ সপোন ৰচিছে ৷ কিন্তু দিন হাজিৰা কৰা পিতৃয়ে কিদৰে ভাৰতৰ উচ্চ শিক্ষাৰ খৰছ বহন কৰিব তাক লৈ চিন্তিত হৈ পৰিছিল পৰিয়ালটো ৷ সকলো সপোন মৰহি যোৱাৰ উপক্ৰম হোৱাৰ সময়তে দৰিদ্ৰ পৰিয়ালটোৰ কাৰণে জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱাই দিলে এক সুখৰ খবৰ ৷ বাবুয়ে সহায়ৰ হাত বঢ়ালে ভাৰতলৈ ৷ যাৰ কাৰণে এতিয়া পিতৃ মাতৃয়ে দিছে বাবু বৰুৱাক অশেষ ধন্যবাদ ৷