অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি পালন শিল্পী দিৱস ! - silpi dibos celebrate at bongaigaon

অসমীয়া বোলছবিৰ বাটকটীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যু দিন ৷ এই মৃত্যু দিন উপলক্ষে ৰাজ্যজুৰি পালন কৰা হয় শিল্পী দিৱস ৷ মহান শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুসহ শিল্পী সমাজে দৰঙত সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদস্থলীতে বিজেপি চৰকাৰক হুংকাৰ জুবিন গাৰ্গৰ ৷

silpi dibos celebrate at assam
ৰাজ্যজুৰি পালন শিল্পী দিৱস

By

Published : Jan 17, 2020, 10:06 PM IST

নিউজ ডেক্স,17 জানুৱাৰী : শিল্পী মই তিনিওকালৰ ৷ অতীত,বৰ্তমান,ভৱিষ্যতৰ ৷ আজি সুন্দৰৰ সাধক,সুৰৰ পূজাৰী, অসমীয়া বোলছবিৰ বাটকটীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিন ৷ সমগ্ৰ ৰাজ্যতে মহান শিল্পীজনৰ স্মৃতিত পালন কৰা হ'ল শিল্পী দিৱস ৷ বিশ্বনাথ আৰু গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত উদযাপন কৰা হ'ল শিল্পী দিৱস ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ লগত সংগতি ৰাখি বিশ্বনাথ সদৌ অসম ছাত্ৰ সন্থা,গোৰ্খা ছাত্ৰ সন্থা,বড়ো ছাত্ৰ সন্থা,আট্ছা,নাৰী সমাজ, শিল্পী-সাহিত্যিক সমাজ, মুচলিম সমাজ আদিকে ধৰি ৩০ টা জনগোষ্ঠীয় সংগঠনেস্থানীয় বীণপাণি নাট্য সমাজৰ সম্মুখত শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ৰাজ্যজুৰি পালন শিল্পী দিৱস

দৰঙঃইফালে দৰঙৰ ছিপাঝাৰৰ বানেকুচিত আছুসহ শিল্পী সমাজৰ প্ৰতিবাদ ৷ মহান শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনায় আৰম্ভ কৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত আন্দোলন । প্ৰতিবাদী কাৰ্যসূচীত শিল্পী সমাজৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য,সভাপতি দীপাংক কুমাৰ দাস,সম্পাদক লুৰিণ জ্যোতি গগৈ,শিল্পী জুবিন গাৰ্গসহ বহু ব্যক্তি ।


শিৱসাগৰঃশিৱসাগৰত নাট্যপীঠ আৰু সাংস্কৃতিক মহাসভাৰ উদ্যোগত উদযাপন কৰা হ'ল শিল্পী দিৱস ৷ নাট্যপীঠৰ উদ্যোগত ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি আজি দিনজোৰা কাৰ্যসূচীৰে ভটিয়াপাৰৰ ভাস্কৰজ্যোতি চিনেমাগৃহত উদযাপন কৰা হয় শিল্পী দিৱস ৷ লগতে শিৱসাগৰ জিলা পুথিভঁৰাল প্ৰাংগণত জ্যোতি-বিষ্ণু যুগল প্ৰতিমূৰ্তিৰ কাষত অসম সাংস্কৃতিক মহাসভাৰ উদ্যোগত কেন্দ্ৰীয় শিল্পী দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশিত স্মৃতিগ্ৰন্থ 'ৰূপকোঁৱৰ' উন্মোচন কৰে জেষ্ঠ সাংবাদিক এনামুদ্দিন আহমেদে ৷

নগাঁওঃ নগাঁৱৰ কলিয়াবৰতো কলিয়াভোমোৰা শাখা সাহিত্য সভাৰ উদ্যোগত বৃহত্তৰ পশ্চিম কলিয়াবৰৰ কুঁহিমাৰী,আমনি,গড়খলা আৰু কুলিডুঙ্গা গাঁৱৰ ৰাইজৰ সহযোগত আয়োজন কৰা হয় শিল্পী দিৱসৰ । শিল্পী দিৱস উপলক্ষে কুঁহিমাৰী হৰি মন্দিৰৰ প্ৰঙ্গণত এক শোভাযাত্ৰা উলাওৱা হয় ৷

বঙাইগাঁওঃ আনহাতে বঙাইগাঁৱৰ ৰাখালডুবি আৰু বৰপাৰাতো অনুষ্ঠিত কৰা হয় শিল্পী দিৱস । শিল্পী গৰাকীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে তেখেতৰ অমৰ সৃষ্টি গীতেৰে শিল্পী গৰাকীক স্মৰণ কৰা হয় বঙাইগাঁও জিলাৰ বৰপাৰা আৰু ৰাখালডুবিত ।

গুৱাহাটীঃ উত্তৰ গুৱাহাটীৰ ৰংমহলতো দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শিল্পী দিৱস। ৰংমহল নাট্যগোষ্ঠীৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰদ্ধা নিবেদন কৰিছে ৰূপকোঁৱৰক। প্ৰথমখন অসমীয়া কথা ছৱি 'জয়মতী'ৰ নায়ক 'গদাপাণিআৰু পৃথুচাংমাইৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল উত্তৰ গুৱাহাটীৰ পৰশুৰাম বৰুৱা আৰু ৰসধৰ বৰাই । যাৰবাবে আজিও গৌৰৱত ওফন্দি উঠে উত্তৰ গুৱাহাটীবাসী ।

আৰু পঢ়ক : 1 ফেব্ৰুৱাৰীত ফাঁচীকাঠত ওলমিব নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ 4 অভিযুক্ত

ABOUT THE AUTHOR

...view details