অসম

assam

ETV Bharat / state

৩.৪০ মেট্ৰিক টন পাট সূতা উৎপাদনেৰে দৰঙৰ পলু পালকসকলৰ অভিলেখ

দৰং জিলাৰ ৰেচম মহিলা শিল্পী সকলে ৰাজ্যৰ ভিতৰতে সৰ্বাধিক পৰিমাণৰ পাট সূতা উৎপাদন কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ দুৰ্যোগৰ এই সময়ত জিলা খনৰ হালধা, হাজৰিকাপাৰা, ভূঞাগড় আদি অঞ্চলৰ মহিলা পলুপালক সকলে নিজৰ ঘৰতে পলু পালন কৰি ৩.৪০ মেট্ৰিক টন কেঁচা পাট সূতা উৎপাদন কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ লগে লগে জিলাখনৰ প্ৰায় 1000 গৰাকী মহিলাই এইদৰে বাচি লৈছে সংস্থাপনৰ পথো ৷ উল্লেখযোগ্য যে, এই ক্ষেত্ৰত মহিলা পলু-পালকসকলক ৰেচম বিভাগৰ পৰা যোগান ধৰা হৈছিল ৫৪,৭৫৮ টা উন্নত জাতৰ চকৰিৰ পাট পলুৰ সঁচ ৷ ইয়াৰ পিছতে পলু পালকসকলে ২৫,৫১৭ কেজি ককুন উৎপাদন কৰি উক্ত ককুনৰ পৰা ৩.৪০ মেট্ৰিক টন কেঁচা পাট সূতা তৈয়াৰ কৰিবলৈ সক্ষম হয় ৷

Silk weavers create record by weaving 3.40 matric tonnes amid lockdown
৩.৪০ মেট্ৰিক টন পাট সূতা উৎপাদনেৰে ৰাজ্যত দৰঙৰ পলু পালকসকলৰ অভিলেখ

By

Published : May 26, 2020, 7:23 PM IST

দৰং, 26মে':লকডাউনৰ মাজতে এটা ভাল খবৰ ৷ ৰাজ্যৰ ভিতৰতে অভিলেখ সৃষ্টি কৰিছে দৰঙৰ মহিলা পলু-পালকসকলে ৷ যি সময়ত লকডাউনৰ ফলত ৰাজ্যত দুৰ্যোগ নামি অহাৰ লগতে প্ৰায় ব্যাহত হৈ পৰিছে উন্নয়ন-উৎপাদনশীল কাম কাজ সেই সময়ত নিদৰ্শন দাঙি ধৰিছে দৰঙৰ মহিলা পলু-পালকসকলে ৷

দৰং জিলাৰ মহিলা ৰেচম শিল্পীসকলে ৰাজ্যৰ ভিতৰতে সৰ্বাধিক পৰিমাণৰ পাট সূতা উৎপাদন কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ জিলাখনৰ হালধা, হাজৰিকাপাৰা, ভূঞাগড় আদি অঞ্চলৰ মহিলা পলুপালক সকলে নিজৰ ঘৰতে পলু পালন কৰি ৩.৪০ মেট্ৰিক টন কেঁচা পাট সূতা উৎপাদন কৰিবলৈ সক্ষম হৈছে ৷ জিলাখনৰ প্ৰায় 1000 গৰাকী মহিলাই এইদৰে বাচি লৈছে সংস্থাপনৰ পথো ৷ এই ক্ষেত্ৰত মহিলা পলু-পালকসকলক ৰেচম বিভাগৰ পৰা যোগান ধৰা হৈছিল ৫৪,৭৫৮ টা উন্নত জাতৰ চকৰিৰ পাট পলুৰ সঁচ ৷ ইয়াৰ পিছতে পলুপালক সকলে ২৫,৫১৭ কেজি ককুন উৎপাদন কৰি উক্ত ককুনৰ পৰা ৩.৪০ মেট্ৰিক টন কেচা পাট সূতা তৈয়াৰ কৰিবলৈ সক্ষম হয় ৷ ইপিনে, এই কাৰ্যত জিলাখনৰ প্ৰায় 1000 গৰাকী মহিলা নিয়োজিত হৈ যথেষ্ট পৰিমাণে লাভান্বিত হোৱা বুলি ইটিভি ভাৰতৰ সাংবাদিকক জানিবলৈ দিয়ে ৷

আনহাতে, লকডাউনৰ বাবে পলুপালক মহিলাসকলক যিদৰে ৰেচম বিভাগৰ তৰফৰ পৰা সহায় কৰিব লাগিছিল তেনেদৰে সহায় কৰিব নোৱাৰি দুখ প্ৰকাশ কৰাৰ লগতে পলুপালন কৰি ৰেচম পালকসকল যথেষ্ট লাভান্বিত হোৱা বাবে গৌৰৱবোধ কৰা বুলিও ইটিভি ভাৰতৰ সাংবাদিকক জানিবলৈ দিয়ে জিলাখনৰ ৰেচম বিভাগৰ এগৰাকী পৰিদৰ্শক ধ্ৰুৱ শৰ্মাই ৷ জিলা খনৰ ৰেচম পালকসকল যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে ৰেচম বিভাগৰ যুটীয়া সঞ্চালক হৰকান্ত হাজৰিকা, জিলা খনৰ ৰেচম বিভাগৰ পৰিদৰ্শক ধ্ৰুৱ শৰ্মা,আছাদ আলি, অতুল মেধিয়ে বিশেষভাৱে নিৰীক্ষণ কৰি থকাৰ কথা জানিব পৰা গৈছে ৷

৩.৪০ মেট্ৰিক টন পাট সূতা উৎপাদনেৰে ৰাজ্যত দৰঙৰ পলু পালকসকলৰ অভিলেখ

লকডাউনৰ ফলত বিভিন্ন ক্ষেত্ৰৰ স্থবিৰতাৰ মাজতো জিলাখনৰ ৰেচম শিল্পী সকলৰ এই উন্নয়নমূলক প্ৰচেষ্টা নি:সন্দেহে এতিয়া এটা ভাল খবৰ হিচাবে বিবেচিত হৈছে ।

ABOUT THE AUTHOR

...view details