অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি মহা শিৱৰাত্ৰী... - নাৰিকলি মন্দিৰত শিৱৰাত্ৰী

সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম ধেমাজিৰ ঐতিহাসিক ঘুগুহা দ'লত ৬৮ তম শ্ৰী শ্ৰী শিৱৰাত্ৰি মহোৎসৱ উদযাপন কৰা হৈছে । ঐতিহাসিক ধেমাজিৰ ঘুগুহা দ'লটো বামুনী কোৱঁৰ খ্যাত স্বৰ্গদেউ চ্যুডাংফাই (১৩৯৭- ১৪০৭ ) মাতৃ ঘূগু কোৱৰীৰ স্মৃতিত নিৰ্মাণ কৰিছিল ।

আজি মহা শিৱৰাত্ৰী
আজি মহা শিৱৰাত্ৰী

By

Published : Feb 21, 2020, 3:12 PM IST

তেজপুৰ,২১ ফেব্ৰুৱাৰী:আজি মহা শিৱৰাত্ৰী । মহাকালৰ এই দিনটোত এছিয়াৰ ভিতৰতে প্ৰসিদ্ধ আৰু বৃহত্তম শিৱ লিংগৰ দৰ্শনৰ বাবে তেজপুৰ চহৰৰ মহাভৈৰব শিৱ মন্দিৰত অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয় ৷ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা ভক্তৰ সমাগম ঘটে এই দিনটোত । ভক্তৰ সুবিধাৰ্থে জিলা প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সমগ্ৰ মন্দিৰত মুঠ ১৬ চি চি টিভি কেমেৰা সংস্থাপন কৰা হৈছে যাতে সকলো দিশতে তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিব পাৰে ।

আজি মহা শিৱৰাত্ৰী

সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম ধেমাজিৰ ঐতিহাসিক ঘুগুহা দ'লত ৬৮ তম শ্ৰী শ্ৰী শিৱৰাত্ৰি মহোৎসৱ উদযাপন কৰা হৈছে । ঐতিহাসিক ধেমাজিৰ ঘুগুহা দ'লটো বামুনী কোৱঁৰ খ্যাত স্বৰ্গদেউ চ্যুডাংফাই (১৩৯৭- ১৪০৭ ) মাতৃ ঘূগু কোৱৰীৰ স্মৃতিত নিৰ্মাণ কৰিছিল । এই দলত আজি পুৱাৰে পৰা জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা সমবেত হৈছে ভক্তপ্ৰান ৰাইজ । দুপৰীয়াৰ পৰা হৰিনাম আৰু নিশালৈ ভাওনা অনুষ্ঠিত হ'ব ।

আজি মহা শিৱৰাত্ৰী

সমান্তৰালকৈ দৰং জিলাৰ ঐতিহাসিক নাৰিকলি মন্দিৰটো পালন কৰা হৈছে মহাশিৱৰাত্ৰি ৷ শুকুৰবাৰে পুৱাৰে পৰা অসংখ্য ভক্তই মনোবাঞ্চা পূৰণাৰ্থে চাকি-বন্তি জ্বলাই আৰাধনাত ব্যস্ত হৈ পৰিছে ৷ পৰম্পৰাগতভাৱে মন্দিৰ কতৃপক্ষই প্ৰতিবছৰে পালন কৰি আহিছে শিৱৰাত্ৰি পূজা ৷ শিৱৰাত্ৰিৰ বাবে পুৱাৰে পৰা জিলাখনৰ লগতে অন্যান্য বিভিন্ন স্থানৰ পৰা অসংখ্য ভক্তৰ আগমন ঘটা পৰিলক্ষিত হৈছে ৷

আজি মহা শিৱৰাত্ৰী

ABOUT THE AUTHOR

...view details