দৰং,8 জানুৱাৰী : দৰং জিলাৰ লগতে চুবুৰীয়া ওদালগুৰি আৰু গুৱাহাটী মহানগৰীত চলোৱা এক অভিযানত বৃহস্পতিবাৰে নিষিদ্ধ ঘোষিত আলফাৰে সম্পৰ্ক ৰখাৰ অভিযোগত আলোচনাপন্থী আলফাৰ নেতাসহ মুঠ 7 জনকৈ লোকক আটক কৰে দৰং আৰক্ষীয়ে ৷
দৰং জিলাৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই সম্বোধন কৰা এক সংবাদমেলত তেওঁ কয় যে, জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ পৰ্যবেক্ষণত বিগত এসপ্তাহ ধৰি এই অভিযান চলোৱা হয় ৷ বৃহস্পতিবাৰে অন্তিমজন লোকক আটক কৰাৰ পাচতে আৰক্ষীৰ বৃহত সফলতা বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
আটকাধীন লোককেইজন ক্ৰমে- ছিপাঝাৰ থানাৰ অন্তৰ্গত কমাৰগাঁৱৰ খনিন্দ্ৰ কলিতা ওৰফে জ্যোতিষ (29), হিৰেণ কলিতা (35), নাপ্তাপাৰা গাঁৱৰ ধৰ্মেন্দ্ৰ ডেকা (26), ওদালগুৰি জিলাৰ হৰিশিঙা থানা এলেকাৰ বৰঙ্গাবাৰীৰ বলেন ডেকা (38) আৰু আমলাগুৰি গাঁৱৰ ধ্ৰুৱজ্যোতি বৈশ্য (37), মঙলদৈ কবিকাৰাৰ আলোচনাপন্থী আলফা সদস্য প্ৰসন্ন শইকীয়া ওৰফে প্ৰাণজিৎ চলিহা (58) আৰু গুৱাহাটী পাণ্ডুৰ ৰে’লৱে ক’লনীৰ আৱাসী অসীম অধিৰীকা ওৰফে ৰাজ দত্ত (27) ।