অসম

assam

ETV Bharat / state

দৰং গৃহৰক্ষী বাহিনীৰ নিযুক্তিত অনিয়ম : বিষয়াৰ বদলিকৰণৰ দাবী

দৰং গৃহৰক্ষী বাহিনীৰ নিযুক্তিত ব্যাপক অনিয়মৰ অভিযোগ ৷ দায়িত্বত থকা বিষয়াৰ বদলিকৰণৰ দাবী কৰিলে গৃহৰক্ষী বাহিনীৰ জোৱানে ৷

বিষয়াৰ বদলিকৰণৰ দাবী
দৰং গৃহৰক্ষী বাহিনীৰ নিযুক্তিত অনিয়ম

By

Published : Feb 23, 2021, 4:10 PM IST

দৰং, 23 ফেব্ৰুৱাৰী :ছমাহৰ বাবে গৃহৰক্ষী বিভাগত চাকৰি কৰিবৰ বাবে বিষয়া কৰ্মচাৰীক 15 হাজাৰৰ পৰা 20 হাজাৰ টকা ঘোচ দিব লাগে ! এই অভিযোগ দৰং জিলা গৃহৰক্ষী বাহিনীৰ জোৱানৰ ৷

এফ চি আই, জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ কৰ্তব্যত নিয়োজিত হ'বলৈ আৰু অধিক ধন ঘোচ হিচাপে দিব লাগে বুলি প্ৰকাশ কৰিলে ক্ষুব্ধ গৃহৰক্ষী জোৱানে ৷

দৰং গৃহৰক্ষী বাহিনীৰ নিযুক্তিত অনিয়ম : বিষয়াৰ বদলিকৰণৰ দাবী

ইয়াৰ উপৰিও হোমগাৰ্ডৰ কমাণ্ডেন্ট গৰাকীয়ে ৰুবিয়া বেগম উপাধিৰ এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ জৰিয়তে এই লেনদেন সমূহ চলাই আহিছে বুলিও দাবী কৰিলে ক্ষুব্ধ গৃহৰক্ষী জোৱানে ৷

ক্ষুদ্ধ গৃহৰক্ষী জোৱানসকলে দৰং জিলা গৃহৰক্ষী বাহিনীৰ বিষয়া গৰাকীৰ লগতে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী গৰাকীক বদলি কৰাৰ লগতে এক উপযুক্ত বিচাৰ কৰিবলৈ দৰং জিলা উপায়ুক্তক আবেদন জনাব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :ফাগুনৰ বতৰ দুঃখবৰ : চিলা উৰুৱাই থকা শিশুৰ মৃত্যু

ABOUT THE AUTHOR

...view details