অসম

assam

ETV Bharat / state

মঙলদৈ সনাতন ধৰ্মসভাৰ ৰাসত ধর্মালোচনী সভা - উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাদনদেৱ গোস্বামী

‘ত্যাগ-ব্ৰত পালন কৰিব পাৰিলে আজিৰ মাতৃয়েও কৃষ্ণৰ দৰে সন্তান জন্ম দিব পাৰে । ৰাসৰ মাজেৰে কৃষ্ণময় সমাজত প্ৰচলন কৰি আসুৰিক চিন্তা নাইকীয়া কৰিব পাৰি’, ধর্মালোচনী সভাত এই মন্তব্য উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ ৷

Satradhikar Janardan Dev Goswami takes part in Religious meeting at mangaldoi
ধর্মালোচনী সভা

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 10:00 PM IST

মঙলদৈ, 2 ডিচেম্বৰ :মঙলদৈ সনাতন ধর্মসভাৰ উদ্যোগত বিষ্ণুমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈ থকা ৪৪ সংখ্যক ৰাসোৎসৱৰ শনিবাৰে আছিল সপ্তম দিন । আজি দুপৰীয়া ১২ বজাত ৰাসোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় অন্যতম মূল কার্যসূচী- ধর্মালোচনা সভা আৰু স্মৰনিকা উন্মোচন । সনাতন ধর্মসভাৰ সভাপতি পঞ্চানন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ।

গ্ৰন্থ উন্মোচন

সত্ৰাধিকাৰ গৰাকীয়ে কেতবোৰ আধ্যাত্মিকতাৰ প্ৰসংগ উল্লেখ কৰি কয়- বর্তমান সময়ত আধ্যাত্মিকতাৰ বিষয়ে নৱ প্ৰজন্মক জ্ঞান দিয়াটো অতি জৰুৰী হৈ পৰিছে । এনেবোৰ সভাত নৱ প্ৰজন্মক অংশগ্ৰহণ কৰাবলৈ উদ্যোক্তাসকলক আহবান জনায় তেওঁ । ৫৫০ বছৰীয়া পৰম্পৰাত শংকৰদেৱে কেলিগোপাল অংকীয়া নাটৰ জৰিয়তে ৰাসৰ মহত্বৰ বিষয়ে বর্ণনা দি থৈ গৈছে । সেয়ে শংকৰ-মাধৱ সংস্কৃতি ৰাসৰ মাজেৰে কৃষ্ণময় সমাজত প্ৰচলন কৰি বর্তমান দেখা দিয়া আসুৰিক চিন্তা চর্চা নাইকিয়া কৰিব পৰা যায় ।

মঙলদৈ সনাতন ধৰ্মসভাৰ ৰাস

শ্ৰীকৃষ্ণৰ আধ্যাত্মিকতাৰ বর্ণনা দি সত্ৰাধিকাৰ গৰাকীয়ে লগতে উল্লেখ কৰে যে, ত্যাগ- ব্ৰত পালন কৰিব পাৰিলে আজিৰ মাতৃয়েও কৃষ্ণৰ দৰে সন্তান জন্ম দিব পাৰে । আলোচক হিচাবে উপস্থিত থকা মহাকাব্য অধ্যয়ণ কেন্দ্ৰ, যোৰহাটৰ অৱসৰী বিজ্ঞানী সচিব ডঃ মালিনী (ডঃ নীলিমা শইকীয়া) কয়- ‘সত্যই হৈছে বেদ আৰু সত্যবাদ প্ৰতিষ্ঠা কৰি জীৱনৰ লক্ষ্যত উপনীত হ’ব পাৰো । বিষ্ণুৱে কৃষ্ণ, কৃষ্ণই বিষ্ণু । কৃষ্ণৰ ধর্ম হৈছে দুষ্টক দমন আৰু সন্তু-মহন্তক পালন । শ্ৰীকৃষ্ণৰ বাহীৰ সপ্ত সুৰত ঢপলিয়াই কৃষ্ণৰ ওচৰলৈ অহা গোপীসকলক তেওঁ কৈছিল, তোমালোকে মোক দূৰৈৰ পৰাও পালাহেতেন মাত্ৰ শুদ্ধ অন্তকৰণৰে সৈতে ভক্তিভাৱে প্ৰার্থনা কৰিলেই হ’ল ।

আন এগৰাকী আলোচক টংলা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ জ্ঞানেন্দ্ৰ চলিহাই কয় যে, দৈনন্দিন সমাজত কিছু অঘটন ঘটা পৰিলক্ষিত হৈ আহিছে । আমাৰ যুৱ-সমাজৰ প্ৰতিনিধিক লৈ ৰাসৰ ধর্মালোচনা সভাত আলোচনা কৰাৰ অতীৱ প্ৰয়োজন হৈছে । অসম উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে শ্ৰীকৃষ্ণৰ আধ্যাত্মিকতাৰ ওপৰত বিশ্লেষণ কৰি দিয়া বক্তব্যই সভাৰ ভক্তগণক মুগ্ধ কৰে ।

বিশিষ্ট সাংবাদিক ৰাজেন্দ্ৰ নাথ হাজৰিকাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৰণিকা ‘পাঞ্চজন্য’ উম্মোচন কৰে বিশিষ্ট সাংবাদিক নৰেশ কলিতাই । সাংবাদিকগৰাকীয়ে ভাষণত কয়- বাতৰি কাকত, গ্ৰন্থ, আলোচনী অধ্যয়ন কৰে ৫০ ৰ উৰ্ধৰ লোকসকলে আৰু ৭ শতাংশ লোক অর্থাৎ নতুন প্ৰজন্মইহে কিতাপ পঢ়ে । এইটো ভাষা তথা জাতিটোৰ বাবেই ভয় লগা কথা বুলি উল্লেখ কৰে তেওঁ ।

লগতে পঢ়ক :দৰং জিলাত সমষ্টিভিত্তিক খেল মহাৰণ আৰম্ভ

ABOUT THE AUTHOR

...view details