অসম

assam

ETV Bharat / state

বেছিমাৰী গাঁও পঞ্চায়তৰ উদ্যোগত ছেনিটাইজেচন কাৰ্যসূচী - অসম গ্ৰামীণ বিকাশ বেংক

মহামাৰী কৰ’ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ দৰঙৰ বেছিমাৰীস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা,চি এছ পি কেন্দ্ৰ ,ষ্টেট বেংক অফ ইণ্ডিয়াৰ চি এছ পি কেন্দ্ৰকে আদি কৰি সমগ্ৰ বেছিমাৰীত থকা দোকান-পোহাৰ আদি ছেনিটাইজ কৰা হয় ৷

Sanitization programme By Besmari Village panchayat
বেছিমাৰী গাঁও পঞ্চায়তৰ উদ্যোগত ছেনিটাইজেচন কাৰ্যসূচী

By

Published : Jul 29, 2020, 5:05 PM IST

দলগাঁও, 29 জুলাইঃ দলগাঁৱৰ বেছিমাৰীত গাঁও পঞ্চায়তৰ উদ্যোগত আজি ৰূপায়ণ কৰা হয় ছেনিটাইজেচন কাৰ্যসূচী ৷ মহামাৰী কৰ’ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ দৰঙৰ বেছিমাৰীস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা,চি এছ পি কেন্দ্ৰ,ষ্টেট বেংক অফ ইণ্ডিয়াৰ চি এছ পি কেন্দ্ৰকে আদি কৰি সমগ্ৰ বেছিমাৰীত থকা দোকান-পোহাৰ আদি ছেনিটাইজ কৰা হয় ৷

বেছিমাৰী গাঁও পঞ্চায়তৰ উদ্যোগত ছেনিটাইজেচন কাৰ্যসূচী

ইয়াৰ উপৰি অসম গ্ৰামীণ বিকাশ বেংকৰ বেছিমাৰী শাখাৰ বেছিমাৰীস্থিত গ্ৰাহক সেৱা কেন্দ্ৰত পঞ্চায়তৰ ফালৰ পৰা বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰে । আনহাতে বেছিমাৰী গাঁও পঞ্চায়তৰ বিষয়ববীয়া সকলে মাস্ক,সামাজিক দূৰত্বৰ লগতে ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ সকলোকে আহ্বান জনায় ৷

উল্লেখযোগ্য যে,কিছুদিন পূৰ্বে অসম গ্ৰামীণ বিকাশ বেংকৰ বেছিমাৰী শাখাৰ এগৰাকী কৰ্মচাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল ৷

লগতে পঢ়কঃবানাতংক অসম : মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details