দলগাঁও, 2 জুলাইঃকৰ'ণা ভাইৰাছৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত লোৱা হৈছে ভিন্ন কাৰ্যসূচী ৷ ব্যতিক্ৰম নহ'ল দৰং জিলাৰ খাৰুপেটীয়াও ৷ বৃহস্পতিবাৰে খাৰুপেটীয়া চহৰৰ ৮ টা ৱাৰ্ডত পৃথকে পৃথকে গ্ৰহণ কৰা হ'ল চেনিটাইজেশ্যন কাৰ্যসূচী ৷
পৌৰসভাৰ তৎপৰতাত খাৰুপেটীয়াৰ 8 টাকৈ ৱাৰ্ডত চেনিটাইজেশ্যন - খাৰুপেটীয়াৰ 8 টাকৈ ৱাৰ্ডত চেনিটাইজেশ্যন
বৃহস্পতিবাৰে পুৱাৰে পৰা খাৰুপেটীয়াত চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে পৌৰসভাৰ নেতৃত্বত, চহৰখনৰ 8 টাকৈ ৱাৰ্ডত আৰম্ভ কৰা হৈছে চেনিটাইজেশ্যন প্ৰক্ৰিয়া ৷
As_Dalgaon_2July_Sensitisation_Kharupetia_801_807_Abdul_Hakim_
খাৰুপেটীয়াত চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে পৌৰসভাৰ নেতৃত্বত,পুৱাৰে পৰা অগ্নিনিৰ্বাপন গাড়ীৰে চাফাই কৰ্মীসকলে এই চেনিটাইজেশ্যন প্ৰক্ৰিয়া সম্পন্ন কৰে ৷ চেনিটাইজেশ্যন কাৰ্যসূচীত উপস্থিত থাকে পৌৰসভাৰ কাৰ্যবাহী বিষয়া শৰৎ গগৈ, প্ৰাক্তন সভানেত্ৰী কৃষ্ণ সাহা, অভিযন্তা চিন্ময় শৰ্মাৰ লগতে অন্যান্য কেইবাগৰাকীও বিষয়ববীয়া ৷ পৌৰ সভাৰ কাৰ্যবাহী বিষয়া শৰৎ গগৈয়ে জানিবলৈ দিয়া অনুসৰি আগন্তুক 12 দিনৰ ভিতৰত চহৰখনৰ ৮ টা ৱাৰ্ড সম্পূৰ্ণভাৱে চেনিটাইজ কৰা হ'ব ৷