দলগাঁও,30 মাৰ্চ: দৰঙৰ খাৰুপেটীয়াৰ নাগেশ্বৰত মঙলবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয় । AS 01 HC 0767 নম্বৰৰ ৰাসায়নিক সাৰ ভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথ সংলগ্ন এটি বাসগৃহ মহতিয়াই নিয়ে ।
ট্ৰাকখনে ঘৰটো মহতিয়াই নিয়াত ৰফিকুল ইছলাম, মাজেদা খাতুন নামৰ একে পৰিয়ালৰে দুগৰাকী সদস্য আহত হয় । ঘৰৰ ভিতৰত থকা আন সদস্যসকলে দৌৰি প্ৰাণৰক্ষা কৰে । ট্ৰাকখনে মহতিয়াই নিয়ে ঘৰৰ ভিতৰত থকা এটা জেৰক্স আৰু কম্পিউটাৰ ছেট, আচবাব আদিকে ধৰি অন্যান্য আচবাবসমূহ ৷ পৰিয়ালটোৰ ক্ষতি হয় প্ৰায় তিনি লক্ষাধিক টকাৰ মুল্যবান সা-সামগ্ৰী ৷