অসম

assam

ETV Bharat / state

মঙলদৈৰ আউলাচৌকাত পথ দুৰ্ঘটনা - পথ দুৰ্ঘটনা

দৰং জিলাৰ আউলাচৌকাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ উক্ত দুৰ্ঘটনাটোৰ ফলত পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ ৷ দুৰ্ঘটনাৰ সন্মুখীন হোৱা বাছখনৰ নম্বৰ হৈছে এ এছ 13 চি 5091 ৷

Road Accident aulachouka darrang assam etv bharat news
আউলাচৌকাত পথ দুৰ্ঘটনা

By

Published : Aug 31, 2020, 2:01 PM IST

দৰং,31 আগষ্ট: মঙলদৈৰ আউলাচৌকাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ আউলাচৌকাৰ মাজেৰে যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত সংঘটিত উক্ত দুৰ্ঘটনাটোৰ ফলত পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ ৷

আউলাচৌকাত পথ দুৰ্ঘটনা

প্ৰাপ্ত তথ্য অনুসৰি,মঙলদৈৰ পৰা প্ৰায় 35 গৰাকী যাত্ৰীক কঢ়িয়াই গুৱাহাটী অভিমুখে যাত্ৰা কৰা বাছখনে বিপৰীত দিশৰ পৰা আহি থকা এখন তীব্ৰবেগী বাহনক বাট এৰি দিব ধৰোতেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় ৷ ইতিমধ্যে বাছখনত থকা যাত্ৰীসকলক স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে ৷ আহতসকলৰ ভিতৰৰ কোনো যাত্ৰীৰে আঘাত গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাৰ সন্মুখীন হোৱা বাছখনৰ নম্বৰ হৈছে AS-13 C-5091 ৷

লগতে চাওকঃবিলাসীপাৰাত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন যুৱক

ABOUT THE AUTHOR

...view details