ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৰাইফল উদ্ধাৰ - গড়ঁ চিকাৰীয়ে
বনকৰ্মী অহা উমান পাই পলাই পত্ৰং দিলে গড়ঁ চিকাৰীয়ে
ওৰাং,২৯ আগষ্টঃওৰাং ৰাষ্ট্ৰীয় উদ্যানত থ্ৰী নট থ্ৰী ৰাইফল উদ্ধাৰ । এক গোপন সুত্ৰৰ পম খেদি উদ্যান কৰ্তৃপক্ষই জব্দ কৰে ৰাইফলটো । গঁড় চিকাৰৰ উদ্দেশ্যৰে অহা চোৰাং চিকাৰীৰ সম্ভেদ লাভ কৰি উদ্যানখনৰ বন সুৰক্ষা কৰ্মীয়ে উদ্যান খনৰ পাৰ্শ্ববৰ্তী ২নং কছাৰীটোপ ভেটী গাঁৱত অভিযান চলাই যদিও বনকৰ্মী অহা উমান পাই পলাই পত্ৰং দিলে গড়ঁ চিকাৰীয়ে । উক্ত স্থানতে থকা এটা পুখুৰীৰ পৰা মেগজিন সহ থ্ৰী নট থ্ৰী ৰাইফল এটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বনকৰ্মী সকলে । গঁড় চিকাৰৰ সৈতে জড়িত অভিযুক্ত কছাৰীটোপ ভেটি গাঁৱৰ জামাল উদ্দিন বৰ্তমান পলাতক । জামাল উদ্দিনৰ লগতে অন্য চোৰাং চিকাৰী সকলক কৰায়ত্ত কৰিবলৈ বন-বিভাগে অব্যাহত ৰাখিছে অভিযান ।