দলগাঁও,২৯ ফেব্ৰুৱাৰীঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাহিৰলৈ ওলাই অহা এটা গঁড়ৰ মুক্ত বিচৰণ পৰিলক্ষিত হ’ল দৰঙৰ শ্যামপুৰত ৷ শ্যামপুৰ থানাৰ অন্তৰ্গত ২নং শ্যামপুৰ চৰৰ মাকৈ খেতিৰ মাজত শনিবাৰে পুৱা মুক্তভাবে বিচৰণ কৰা অৱস্থাত গঁড়টো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ।
দলগাঁৱৰ জনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ - দৰঙৰ শ্যামপুৰ
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাহিৰলৈ ওলাই অহা এটা গঁড়ৰ মুক্ত বিচৰণ পৰিলক্ষিত হ’ল দৰঙৰ শ্যামপুৰত ৷ শ্যামপুৰ থানাৰ অন্তৰ্গত ২নং শ্যামপুৰ চৰৰ মাকৈ খেতিৰ মাজত শনিবাৰে পুৱা মুক্তভাবে বিচৰণ কৰা অৱস্থাত গঁড়টো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক খবৰ দিয়াত উদ্যানখনৰ বন সুৰক্ষা কৰ্মীৰ দল এটাই দুটা হাতী লৈ ঘটনাস্থলীত উপস্থিত হয় ৷ দলটোৰ লগতে উপস্থিত থাকে মঙলদৈ বন সংমণ্ডলৰ বিষয়া তথা বনকৰ্মী ৷ জনাঞ্চলত বিচৰণ কৰি থকা গঁড়টো ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ওভোটাই নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখে যদিয়ো গঁড়টো মাকৈ খেতিৰ ভিতৰভাগত সোমাই পৰে । ফলত সন্ধিয়ালৈকে গঁড়টো ঘূৰাই নিবলৈ সক্ষম হোৱা নাই বন সুৰক্ষা কৰ্মীৰ দলটোৱে ৷ ইফালে বন সুৰক্ষা কৰ্মীৰ দলটো ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে গঁড়টোৰ আক্ৰমণত বাৰেক আলী নামৰ লোক এজন আহত হয় । আহত ব্যক্তিজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷