দৰং, 25 আগষ্ট :দৰঙত সঘনাই সংঘটিত হৈ আছেজাত-পাতৰ সংকীৰ্ণৰ ঘটনা (Social exclusion in Darrang) । পতালসিংপাৰাৰ হৃদয় বিদাৰক ঘটনাৰ পাচত, পুনৰ দুদিন পূৰ্বে আনন্দিপাৰাত সংঘটিত হ’ল আন এক অনুৰূপ ঘটনা । যিয়ে দৰঙৰ সমাজ জীৱনক ধিক্কাৰ দিছে ৷ যাক লৈ লজ্জিত এতিয়া বিধায়ক পৰমানন্দ ৰাজবংশী ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷
সেয়ে বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে সামাজিক ব্যাধি দূৰ কৰাৰ হকে সভা অনুষ্ঠিত কৰিব বাধ্য হ’ল দৰঙৰ উপায়ুক্তগৰাকী । এইবাৰ দৰঙৰ প্ৰায় সকলো জনগোষ্ঠীকে মাতি আনি আলোচনাত বহুৱালে উপায়ুক্তগৰাকীয়ে । এই আলোচনাত দৰঙত চলি থকা সামাজিক সংঘাতসমূহ দূৰ কৰাৰ বাবে সকলো পক্ষই মত পোষণ কৰে ।