অসম

assam

ETV Bharat / state

দিপাৱলী উপলক্ষ্যে দৰংবাসীলৈ জিলা প্ৰশাসনৰ বিশেষ আহ্বান - Request to locals of Darrang by DC on the occassion of Diwali

দৰংবাসীলৈ জিলা প্ৰশাসনৰ বিশেষ আহ্বান ৷ দিপাৱলীত উচ্চ প্ৰাৱল্যৰ আতচবাজী ব্যৱহাৰ নকৰিবলৈ জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ আহ্বান ৷

দিপাৱলী উপলক্ষ্যে দৰংবাসীলৈ জিলা প্ৰশাসনৰ বিশেষ আহ্বান
দৰং জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা

By

Published : Nov 12, 2020, 10:26 PM IST

দৰং, 12 নৱেম্বৰ : দিপাৱলী উপলক্ষ্যে দৰংবাসীলৈ বিশেষ আহ্বান জনাইছে দৰং জিলা প্ৰশাসনে ৷ পৰিৱেশক প্ৰদূষণমুক্ত কৰি ৰখাৰ স্বাৰ্থত উচ্চ প্ৰাৱল্যৰ ফটকাৰ ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই ৷

দিপাৱলী উপলক্ষ্যে দৰংবাসীলৈ জিলা প্ৰশাসনৰ বিশেষ আহ্বান

তেওঁ কয় যে, বৰ্তমান যিহেতু দৰং জিলা ক'ভিড মুক্তৰ দিশে আগবাঢ়িছে সেয়েহে প্ৰদূষণ ৰোধ কৰিবৰ বাবে আতচবাজীৰ ব্যৱহাৰ ৰোধ কৰা উচিত ৷ বৰাই আশংকা ব্যক্ত কৰে যে, ফটকাৰ দূষিত ধোৱাই ক'ভিড ৰোগীসকলক অধিক জটিল অৱস্থালৈ ঠেলি দিব পাৰে ৷

শান্তি-শৃংখলা বজাই ৰাখি পৰিবেশ বিনষ্ট নকৰি অকল পোহৰৰ উৎসৱ হিচাপে দিপাৱলী পালন কৰিবলৈ দিলীপ কুমাৰ বৰাই সকলোকে আহ্বান জনায় ৷

লগতে পঢ়ক :কুমাৰীকাটাত ভূৱা আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details