মঙলদৈ, 30 অক্টোবৰ :মহামাৰী কৰ'ণাই সংহাৰীৰূপ ধাৰণ কৰাৰ সময়তে চৰকাৰে ঘোষনা কৰা লকডাউনৰ কৱলত সাধাৰণ জনতাৰ জনজীৱন দুৰ্বিসহ হৈ পৰিছে । কোভিড-19 মহামাৰীৰ এই প্ৰলয় কালত ভাৰতীয় ৰেডক্ৰছ ছচাইটিৰ দৰং জিলা শাখাৰ তৰফৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকৰ মাজত কেতবোৰ দৈন্দন্দিন প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰা হয় ৷ প্ৰলয়ংকৰী বানে জিলাখনত এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তো দুৰ্গতসকলৰ বাবে বিভিন্ন ধৰনৰ লাগতিয়াল সামগ্ৰী প্ৰদান কৰিছিল আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে ।
সাংবাদিক সকললৈ উপহাৰ ৰেডক্ৰছ দৰং জিলা শাখাৰ - সংহাৰীৰূপ
মঙলদৈত ভাৰতীয় ৰেডক্ৰছ দৰং জিলা শাখাৰ সাংবাদিক সকললৈ উপহাৰ ৷
সাংবাদিক সকললৈ উপহাৰ ৰেডক্ৰছ দৰং জিলা শাখাৰ
কৰ'ণা আৰু বানপানীৰ সময়ত মঙলদৈৰ সাংবাদিকসকলে নিৰলস আৰু নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়োৱাৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্তৰ পৌৰহিত্যত হোৱা এক অনুষ্ঠানত সাংবাদিক সকলকো ৰেডক্ৰছৰ তৰফৰ পৰা দৈনিক প্ৰয়োজনীয় কেতবোৰ সামগ্ৰী প্ৰদান কৰে ।
লগতে পঢ়ক:জীয়াঢলৰ বানত সৰ্বস্বান্ত বন্যাৰ্তক লৈ ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন