মঙলদৈ,২৮ আগষ্ট:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজলিছে অসম সন্তান । অসাধাৰণ প্ৰতিভাৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত (India Book Of Records) নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে আন এগৰাকী অসমীয়াই । মাটিৰ চক পেঞ্চিল কাটি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি ইতিহাস সৃষ্টি কৰিছে মঙলদৈৰ এগৰাকী ছাত্ৰ হৰ্ষিত শৰ্মাই ।
কৰ'ণা (Corona) মহামাৰী আৰু আংশিক লকডাউনৰ (Mini Lockdown) সময়ত ঘৰত এনেই বহি নাথাকি নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হৈছে হৰ্ষিত শৰ্মা । মঙলদৈৰ প্ৰফুল্ল নগৰৰ বাসিন্দা হৰ্ষিত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ । হৰ্ষিতে চক পেঞ্চিল কাটি আটাইতকৈ সৰু চকী,টেবুল নিৰ্মাণ কৰিছে । যাৰ জৰিয়তে তেওঁ নিজৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ।