অসম

assam

ETV Bharat / state

মঙলদৈত নৱগঠিত 'ৰাইজৰ দল'ৰ আহ্বায়ক সমিতি গঠন - কৃষক মুক্তি সংগ্রাম সমিতি

অৱসৰ প্ৰাপ্ত অধ্যাপক ড০ জামাুলুদ্দিন আহমেদৰ সভাপতিত্বত হোৱা সভাত কৃষক মুক্তি সংগ্রাম সমিতিৰ ৰাজ্যিক সম্পাদক মুকুট ডেকায়ো সভাত অশংগ্ৰহণ কৰে। দলটোৰ তিনি শতাধিক কৰ্মী তথা ৰাইজ উপস্থিত থকা সভাত দৰঙৰ দলগাওঁ ,ছিপাঝাৰ,কলাইগাঁও আৰু মঙলদৈ সমষ্টিক সামৰি প্রায় ২২২ গৰাকী আহ্বায়কক লৈ জিলা সমিতিখন গঠন কৰা হয় ।

raijor dol meeting at darrang
মঙলদৈত নৱগঠিত 'ৰাইজৰ দল'ৰ আহ্বায়ক সমিতি গঠন

By

Published : Oct 28, 2020, 8:11 PM IST

দৰঙ,28 অক্টোবৰঃ কৃষক মুক্তি সংগ্রাম সমিতি সহ ৰাজ্যৰ ৭০ টা সংগঠনৰ দ্বাৰা নৱগঠিত 'ৰাইজৰ দল'ৰ বুধবাৰে মঙলদৈ ইউথ ক্লাৱ সভাগৃহত এখন সভা অনুষ্ঠিত হয় । কৃষক মুক্তি সংগ্রাম সমিতি,বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ লগতে কেবাটাও সংগঠনৰ সহযোগত অনুষ্ঠিত সভাত অংশগ্রহণ কৰে ৰাজ্যৰ বিশিষ্ট অধিবক্তা তথা দলটোৰ কেন্দ্রীয় আহ্বায়ক অৰূপ বৰবৰা,জিতুল ডেকা,কৃষ্ণা শৰ্মা,আলোক নাথসহ চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্রী জেৰিফা ওৱাহিদে ৷

অৱসৰ প্ৰাপ্ত অধ্যাপক ড০ জামাুলুদ্দিন আহমেদৰ সভাপতিত্বত হোৱা সভাত কৃষক মুক্তি সংগ্রাম সমিতিৰ ৰাজ্যিক সম্পাদক মুকুট ডেকায়ো সভাত অশংগ্ৰহণ কৰে। দলটোৰ তিনি শতাধিক কৰ্মী তথা ৰাইজ উপস্থিত থকা সভাত দৰঙৰ দলগাওঁ,ছিপাঝাৰ,কলাইগাঁও আৰু মঙলদৈ সমষ্টিক সামৰি প্রায় ২২২ গৰাকী আহ্বায়কক লৈ জিলা সমিতিখন গঠন কৰা হয় । সভাত অংশগ্রহণ কৰা একাংশ কৰ্মীয়ে সমাগত বিধান সভা নিৰ্বাচনত কংগ্রেছ,এজিপি,বিজেপিক এসেকা দিবলৈ দলটোৰ হৈ পূৰ্ণোদ্যমে কাম কৰিব লাগিব বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰে ।

ইপিনে সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে দলটোৰ তিনি শতাধিক কৰ্মীৰে মঙলদৈ চহৰত উলিওৱা এক আকৰ্ষণীয় শোভাযাত্রাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । শীঘ্রেই দলটিয়ে জিলাখনৰ বিভিন্ন প্রান্তত সভা অনুষ্ঠিত কৰি দলটো শক্তিশালী ৰূপত গঢ়ি তুলিব বুলি আন এগৰাকী কেন্দ্রীয় আহ্বায়ক দৰঙৰ প্রাক্তন জাতীয়তাবাদী নেতা আজমল হুছেইনে জানিবলৈ দিয়ে ৷


লগতে পঢ়কঃ ৰাৱণ দাহনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত আবেদন ইণ্ডোৰৰ পৰিয়ালৰ

ABOUT THE AUTHOR

...view details