অসম

assam

ETV Bharat / state

গাঁৱতেই কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে ভকতপাৰাবাসীয়ে ! - কোৱাৰেণ্টাইন গৃহ

কৰ’ণাৰ বিৰুদ্ধে সজাগ দৰঙৰ মাজগাঁও-বেবেজীয়াবাসী ৷ সচেতন ৰাইজে গাঁৱতে নিজাববীয়াকৈ কোৱাৰেণ্টাইন গৃহ সাজু কৰি চোৱা-চিতা কৰিছে নিজ গৃহলৈ বহিঃৰাজ্যৰ পৰা অহা যুৱকক ৷

quarantine centre darrang assam etv bharat news
নিজাববীয়া প্ৰচেষ্টাত কোৱাৰেণ্টাইন !

By

Published : May 14, 2020, 10:55 PM IST

দৰং,14 মে’:কৰ’ণা ভাইৰাছ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি দৰং-ওদালগুৰি জিলাৰ সীমামূৰীয়া ভকতপাৰা অঞ্চলৰ ৰাইজে গ্ৰহণ কৰে বিশেষ পদক্ষেপ । বহিঃৰাজ্যৰ পৰা অহা যুৱক-যুৱতীৰ জৰিয়তে ৰাইজৰ মাজত ভাইৰাছবিধ যাতে বিয়পিব নোৱাৰে তাৰ বাবে গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা । সেয়ে চৰকাৰী কোৱাৰেণ্টাইন কেন্দ্ৰলৈ অপেক্ষা নকৰি ৰাইজে নিজাববীয়াকৈ কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপনেৰে বহিঃৰাজ্যৰ পৰা ঘৰলৈ অহা যুৱক-যুৱতীক এই কেন্দ্ৰত ৰখাৰ ব্যৱস্থা কৰিছে । জানিব পৰা মতে, ভকতপাৰা ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্ভুক্ত মাজগাঁৱত বিগত ৭ মে’ৰ নিশা অৰুণাচল প্ৰদেশৰ পৰা আহি উপস্থিত হয় 7 জন যুৱক । যুৱক কেইজনক প্ৰায় ১৭দিন কোৱাৰেণ্টাইন কৰাৰ সময়ত ৰাইজে যোগান ধৰে খাদ্য ৷ লগতে ভকতপাৰা ৰাজ্যিক চিকিৎসালয়ৰ লগত যোগাযোগ কৰি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ একে পদ্ধতিৰে বেবেজীয়া গাঁৱবাসীয়ে বাহিৰৰ পৰা অহা লোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে নিজ অঞ্চলত ৷

নিজাববীয়া প্ৰচেষ্টাত কোৱাৰেণ্টাইন !

ABOUT THE AUTHOR

...view details