অসম

assam

By

Published : Jul 15, 2020, 2:31 PM IST

ETV Bharat / state

বানাক্ৰান্তৰ খবৰ ল'বলৈ আহি ৰাইজৰ ৰোষত বিধায়ক,অভিযন্তা

বিধস্ত মথাউৰি চাবলৈ উপস্থিত হৈছিল স্থানীয় বিধায়ক বিনন্দ কুমাৰ শ‌ইকীয়া লগতে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা দীপক ভট্ট সহ এটা বাহিনী ৷

public-protest-aginest-front-of-mla-and-enginer-dam-constraction-at-chipajhar
ৰাইজৰ ৰোষত পৰিল বিধায়ক,অভিযন্তা

দৰঙ,15জুলাইঃ ছিপাঝাৰৰ ৰামদেলিপাৰা গনেশকুঁৱৰী গাঁও পঞ্চায়তৰ এখন অতি পিছপৰা নৈ পৰীয়া গাঁও । এই গাঁওখনৰ কাষেৰে বৈ যোৱা ননৈ নদীৰ অতি জৰাজীৰ্ন তথা বিধ্বস্ত মথাউৰি চাবলৈ উপস্থিত হৈছিল স্থানীয় বিধায়ক বিনন্দ কুমাৰ শ‌ইকীয়া লগতে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা দীপক ভট্ট সহ এটা বাহিনী । উদ্দেশ্য আছিল ভাঙো-ভাঙো হৈ থকা ননৈৰ পশ্চিম পাৰৰ মথাউৰি চাই ৰাইজক সান্তনা দিয়া।

ৰাইজৰ ৰোষত পৰিল বিধায়ক,অভিযন্তা

কিন্তু মথাউৰী নিৰ্মাণক লৈ আগৰে পৰা অসন্তুষ্ট হৈ থকা ৰাইজে মঙলবাৰে পৰাই অনাহাৰে অনিদ্ৰাই মথাউৰিটো ৰক্ষনাবেক্ষন দি ভাগৰি পৰিছিল ৷ বুধবাৰে নৈপৰীয়াৰ ৰোষত পৰিল জলসম্পদৰ অভিযন্তা দীপক ভট্টৰ সৈতে বিধায়ক গৰাকীও । ৰাইজৰ ক্ষোভৰ উদ্গীৰণ তথা চিঞৰ-বাখৰত হতভম্ব হৈ পৰে বিধায়ক আৰু অভিযন্তা । পৰিস্থিতি বিষম দেখি নিৰাপত্তাৰ খাতিৰতে দলে-বলে দুয়ো গাড়ীত উঠি ৰামদেলিপাৰা গাঁওৰ পৰা বিদায় লয় ।

লগত পঢ়কঃবলপূৰ্বক ৰাজহুৱা বিল দখলত নামিছে ছাত্ৰ নেতা

ABOUT THE AUTHOR

...view details