অসম

assam

ETV Bharat / state

মেনাপাৰাৰ-গোৱালপাৰা সংযোগী পথ নিৰ্মাণৰ দাবী - ETV BHARAT ASSAM

পথটো নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ মংগলদৈত

মেনাপাৰাৰ পৰা গোৱালপাৰা সংযোগী পথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ স্থানীয় লোকৰ

By

Published : Feb 18, 2019, 5:37 PM IST

দৰং, ১৮ ফেব্ৰুৱাৰীঃ মেনাপাৰাৰ পৰা গোৱালপাৰা অভিমুখী পথটো পুনৰ নিৰ্মাণৰ দাবীত সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মঙলদৈ সমষ্টিৰ অন্তৰ্গত মুদৈবৰীৰ স্থানীয় লোকে। প্ৰতিবাদকাৰীসকলে ৰাজপথত স্থানীয় সাংসদ ৰমেন ডেকা, বিধায়ক গুৰুজ্যোতি দাসৰ প্ৰতিচ্ছবি স্থাপন কৰি পূজা অৰ্চনা কৰে। মেনাপাৰাৰ পৰা গোৱালপাৰা সংযোগী পথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ স্থানীয় লোকৰ ।

মেনাপাৰাৰ পৰা গোৱালপাৰা সংযোগী পথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ স্থানীয় লোকৰ

উল্লেখ্য যে, মেনাপাৰাৰ পৰা গোৱালপাৰা অভিমুখী পথটো মেৰামতিৰ অভাৱত সম্পূৰ্ণৰূপে জহি খহি গৈছে। পথটো পুনৰ নিৰ্মাণৰ কাৰণে কেইবাবাৰো বিধায়ক গুৰুজ্যোতি দাসক আবেদন জনোৱা সত্বেও বিধায়কজনে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে। একেদৰে সাংসদ ৰমেন ডেকাইও পথটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। অৱশেষত সোমবাৰে মুদৈবৰীৰ স্থানীয় লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে পথটো পুনৰ নিৰ্মাণৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিয়ে।

ABOUT THE AUTHOR

...view details