দৰং, 5 নৱেম্বৰ : ৰাজ্যত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু পেট্ৰলজাত সামগ্ৰী তথা ঔষধৰ মূল্যবৃদ্ধি ৷ ইয়াৰ প্ৰতিবাদত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ দৰং জিলা সমিতিয়ে বৃহস্পতিবাৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । মঙলদৈৰ খাৰুপেটিয়া বাছ আস্থানত অৰ্ধশতাধিক ছাত্ৰকৰ্মীয়ে প্ৰতিবিধ খাদ্য সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰক, কলা বেপাৰী চিনাক্ত কৰক, খাদ্য সামগ্ৰীৰ ছিণ্ডিকেট বন্ধ কৰক আদি শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলে ।
খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত মঙলদৈত আমছুৰ অৱস্থান ধৰ্মঘট
অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত মঙলদৈত আমছুৰ অৱস্থান ধৰ্মঘট ৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ দৰং জিলা সমিতিয়ে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।
মঙলদৈত আমছুৰ অৱস্থান ধৰ্মঘট
অৱস্থান ধৰ্মঘটৰ অন্তত অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ দৰং জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু পেট্ৰ'লজাত সামগ্ৰী তথা ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।