দৰং,26 নৱেম্বৰ:বৃহস্পতিবাৰে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনৰ আহ্বানত বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে দেশজুৰি ঘোষণা কৰিছিল সাধাৰণ ধৰ্মঘট ৷ সমগ্ৰ দেশৰ লগতে দৰঙতো দেখিবলৈ পোৱা গ'ল ইয়াৰ ব্যাপক প্ৰভাৱ ৷ মঙলদৈ ভেবাৰঘাটৰ পশ্চিম মঙলদৈ কৃষ্টি সংঘৰ খেলপথাৰত চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত সৰ্বাত্মক সাধাৰণ ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে কৃষক-শ্ৰমিকসকলে।
কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মঙলদৈত সৰ্বাত্মক ধৰ্মঘট - শ্ৰমিকৰ শ্ৰম নীতি সংশোধন
কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা জনবিৰোধী নীতিৰ বিৰুদ্ধে মঙলদৈত সৰ্বাত্মক সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন ৷ সমগ্ৰ দেশৰ লগতে দৰঙটো দেখিবলৈ পোৱা গ'ল ইয়াৰ ব্যাপক প্ৰভাৱ ৷
কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মঙলদৈত সৰ্বাত্মক ধৰ্মঘট
অত্য়াৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, শ্ৰমিকৰ শ্ৰম নীতি সংশোধন, কৃষি আইন বাতিল, ৰাজহুৱা খণ্ডৰ সম্পত্তি ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ ধৰ্মঘটস্থলীৰ পৰাই অসমৰ মৃতপ্ৰায় উদ্যোগ সমূহ পুনৰোজ্জীৱিত কৰাৰ দাবীৰে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ৷ অন্যথা দেশজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনসমূহে ৷
লগতে পঢ়ক:কৰিমগঞ্জত শ্ৰমিকৰ বিভিন্ন দাবীৰে চিটুৰ ভাৰত বন্ধ পালন