হত্যাকাৰীক ফাঁচীৰ দাবীত দলগাঁৱত প্ৰতিবাদ - ধৰ্ষন
মহিলাক ডিঙি চেপি হত্যাৰ প্ৰতিবাদত ৰাইজে উত্তাল কৰিলে দলগাঁও থানা চৌহদ ৷ শহুৰেকে বোৱাৰীয়েকক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ
![হত্যাকাৰীক ফাঁচীৰ দাবীত দলগাঁৱত প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4250379-thumbnail-3x2-sdklhfasdifj.jpg)
হত্যাকাৰীক ফাঁচীৰ দাবীত দলগাঁৱত প্ৰতিবাদ
দলগাঁও, 26 আগষ্ট : হত্যাকাৰীক ফাঁচী দিয়াৰ দাবীত উত্তাল দৰঙৰ দলগাঁও ৷ এগৰাকী মহিলাক ডিঙি চেপি হত্যাৰ প্ৰতিবাদত ৰাইজে উত্তাল কৰিলে দলগাঁও থানা চৌহদ ৷ শহুৰেকে বোৱাৰীয়েকক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ ৷ অভিযোগ মতে,শহুৰেকে বোৱাৰীক ধৰ্ষণ কৰাৰ পাছত নিজৰ পত্নীৰ সৈতে মিলি হত্যা কৰিছিল নিজ বোৱাৰীয়েকক ৷ হত্যাৰ অভিযোগত মহিলাগৰাকীৰ পতি,শহুৰ আৰু শাহুয়েকক আটক কৰিছে আৰক্ষীয়ে ৷ হত্যাকাৰী পৰিয়ালৰ ফাঁচীৰ দাবীত স্থানীয় মহিলা আৰু অঞ্চলটোৰ ৰাইজে উত্তাল কৰে দলগাঁও থানা চৌহদ ৷
হত্যাকাৰীক ফাঁচীৰ দাবীত দলগাঁৱত প্ৰতিবাদ