অসম

assam

ETV Bharat / state

চুলাই মদৰ বিৰুদ্ধে দিপীলাত মহিলাৰ প্ৰতিবাদ - দৰং

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দুনী আঞ্চলিক সমিতিৰ উদ্যোগত উলিওৱা সমদলটোত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু খটৰা অঞ্চলৰ মহিলাসকলে অংশ গ্ৰহণ কৰে ।

চুলাই মদৰ বিৰুদ্ধে দিপীলাত মহিলাৰ প্ৰতিবাদ

By

Published : Jun 15, 2019, 6:31 AM IST

দৰং,15 জুন: দিপীলাত মদ , তীৰ , জুৱাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল মহিলা ৷ ৰাজপথত হাতে হাতে প্লে কাৰ্ড লৈ উলিয়ালে সমদল ৷ মদৰ বিৰুদ্ধে আবকাৰী বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এই প্ৰতিবাদ ৷

চুলাই মদৰ বিৰুদ্ধে দিপীলাত মহিলাৰ প্ৰতিবাদ

চুলাই মদ প্ৰচলনৰ বিৰুদ্ধে দিপীলাৰ ৰাজপথলৈ ওলাই আহিল মহিলা ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দুনী আঞ্চলিক সমিতিৰ উদ্যোগত উলিওৱা সমদলটোত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু খটৰা অঞ্চলৰ মহিলাসকলে অংশ গ্ৰহণ কৰে । মহিলাসকলে হাতে হাতে প্লে কাৰ্ড লৈ সমদল কৰি দিপীলা খটৰা অঞ্চলৰ লগতে পশ্চিম দৰঙৰ বিভিন্ন প্ৰান্তত আবকাৰী আৰু আৰক্ষীৰ চকুৰ আগতে অবাধে চলি অহা মদ, জুৱা , তীৰ আদি কাৰ্য নিৰ্মুলৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ শ্ল'গানেৰে খটৰা-দিপীলাৰ ৰাজপথ উত্তাল কৰি তোলে | উল্লেখ্য যে,কিছুদিন পূৰ্বে খটৰা গাঁৱত চুলাই ব্যৱসায়ীৰ আক্ৰমণত আহত হ'বলগীয়া হৈছিল মহিলা ৷ ভৱিষ্যতে মদ ব্যৱসায়ীৰ দপদপনি বন্ধ কৰাৰ লগতে মদ ব্যৱসায়ী আৰু জুৱাৰীৰ সৈতে গোপন বুজাবুজি নকৰিবলৈ আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসনক সকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদী সমদলটোৱে পাথৰিঘাট চক্ৰ বিষয়াৰ যোগেদি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সুকীয়াকৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷ কিন্তু পৰৱৰ্তী সময়ত জিলা প্ৰশাসনে এই সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰিব, সেয়াহে হ'ব লক্ষণীয় |

ABOUT THE AUTHOR

...view details