অসম

assam

হোজাইত চিকিৎসকক প্ৰহাৰ কৰা কাৰ্যত আমচাৰ প্ৰতিক্ৰিয়া

By

Published : Jun 2, 2021, 6:15 PM IST

হোজাইত সংঘটিত হোৱা চিকিৎসক-নাৰ্চক আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া ৷ বুধবাৰে সমগ্র অসমৰ লগত মঙলদৈৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে উক্ত ঘটনাৰ প্ৰতিবাদত চিকিৎসা সেৱা বৰ্জন কৰি ক’লা বেজ পৰিধানৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

protest-against-hojai-doctor-attack-incident
হোজাইত চিকিৎসকক প্ৰহাৰ কৰা কাৰ্যত আমচাৰ প্ৰতিক্ৰিয়া

হোজাই, 2 জুন :হোজাই জিলাৰ উদালী আদৰ্শ চিকিৎসালয়ত সংঘটিত হোৱা চিকিৎসক-নাৰ্চক আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । ক'ভিড হাস্পতালত নিয়োজিত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক মঙলবাৰে একাংশ লোকে চিকিৎসালয়ৰ ভিতৰতে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল । মঙলবাৰে সংঘটিত উক্ত ঘটনাক কোনো চিকিৎসক চিকিৎসাকৰ্মীয়ে সহজভাৱে ল’ব পৰা নাই ।

হোজাইত চিকিৎসকক প্ৰহাৰ কৰা কাৰ্যত আমচাৰ প্ৰতিক্ৰিয়া

উক্ত ঘটনাৰ প্ৰতিবাদত বুধবাৰে সমগ্র অসমৰ লগত মঙলদৈৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে চিকিৎসা সেৱা বৰ্জন কৰি ক’লা বেজ পৰিধান কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে ক'ভিড ৰোগী, জৰুৰীকালীন সেৱা আগবঢ়াব যদিও বিৰত থাকিব অস্ত্ৰোপচাৰৰ পৰা । উক্ত কাৰ্যসূচীত সদৌ অসম চিকিৎসা সেৱা সন্থাৰ সভাপতি ডাঃ ননী গোপল চহৰীয়া, দৰং জিলা চিকিৎসা সেৱা সন্থাৰ ডাঃ জয়ন্ত ডেকাকে ধৰি অৰ্ধ শতাধিক চিকিৎসকে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, হোজাই জিলাৰ ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি মৃতকৰ আত্মীয়ই নিৰ্মম ভাৱে প্ৰহাৰ কৰিছিল চিকিৎসক ডাঃ সেউজ সেনাপতিক ৷ চিকিৎসক গৰাকীৰ প্ৰহাৰৰ সমগ্ৰ দৃশ্য ভাইৰেল হৈছিল সামাজিক মাধ্যমত ৷ যাক লৈ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক: লংকাত চিকিৎসকক আক্ৰমণ সন্দৰ্ভত কি ক’লে আৰক্ষী সঞ্চালক প্ৰধানে ?

ABOUT THE AUTHOR

...view details