অসম

assam

ETV Bharat / state

প্ৰমোদ বড়ো এজন পাগলঃ জগদীশ সৰকাৰ - হাগ্ৰামা মহিলাৰী কমেডিয়ান

প্ৰমোদ বড়ো এজন পাগল । ছাগলে নাখায় কি, পাগলে নকয় কি । এই বিস্ফোৰক মন্তব্য মুদৈবড়ী সমষ্টিৰ প্ৰাক্তন ইম এম জগদীশ সৰকাৰৰ ৷

প্ৰমোদ বড়ো এজন পাগল
প্ৰমোদ বড়ো এজন পাগল

By

Published : Sep 3, 2020, 3:50 PM IST

দৰং, 3 ছেপ্তেম্বৰ: বিটিচিত চলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ । ৰাজনৈতিক দলৰ সমূহৰ মাজত বাক যুদ্ধৰ লগতে চলিছে শক্তি প্ৰদৰ্শন কৰাৰ প্ৰতিযোগিতা । এইবাৰ ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োক পাগল আখ্যা দিলে প্ৰাক্তন ইম এম জগদীশ সৰকাৰে ।

প্ৰমোদ বড়োই হাগ্ৰামা মহিলাৰীক কমেডিয়ান আখ্যা দিয়াৰ পাছতে প্ৰমোদ বড়ো এজন পাগল । ছাগলে নাখাই কি আৰু পাগলে নকয় কি । প্ৰমোদ বড়ো পাগল বাবে এনেদৰে আবোল তাবোল মন্তব্য আগবঢ়াই ফুৰে বুলি বৃহস্পতিবাৰে হৰিশিঙা আৰু মুদৈবড়ী সমষ্টিত যৌথ ভাবে আয়োজন কৰা বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত জগদীশ চৰকাৰে সাংবাদিকৰ আগত ব্যক্ত কৰে ।

প্ৰমোদ বড়ো এজন পাগল : জগদীশ সৰকাৰ

উক্ত সভাত মুখ্য অতিথি হিচেপে প্ৰাক্তন ৱমেন জাষ্টিত ফৰামৰ প্ৰমুখ অঞ্জলী দৈমাৰী উপস্থিত থাকি বিপিএফ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । তেওঁ ভাষণৰ প্ৰসংগত কয় যে, ইউ পি পি এল দলে ক্ষমতাৰ কাৰণে নিৰ্বাচন ভোট পাবৰ কাৰণে নিৰ্বাচনত বিজয় হলে চাকৰি দিয়াৰ নামত ৰাইজক ভুৱা অবাস্তৱ প্ৰতিশ্ৰুতি দি ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আদি সংগ্ৰহ কৰি আহিছে আৰু তেনেবোৰ ভুৱা প্ৰতিশ্ৰুতিত ৰাইজক ভুল নাজাবলৈ আহ্বান জনাই অঞ্জলী দৈমাৰীয়ে । উক্ত সভাখনতে প্ৰায় শতাধিক লোকে বিপিএফ দলত যোগদান কৰে ।

লগতে চাওক-পশ্চিম কাৰ্বি আংলঙৰ বৰবালিত মৃত বন্যহস্তীৰ পোৱালি উদ্ধাৰ

ABOUT THE AUTHOR

...view details