দলগাঁও,18 জুন:এটা জাৱৰৰ দমে বিপদ মাতিছে দৰঙৰ এটা ব্যস্ত অঞ্চললৈ ৷ যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী (PM) নৰেন্দ্ৰ মোদী(narendra modi)য়ে দেশৰ জনসাধাৰণক প্লাষ্টিক বৰ্জনৰ আহ্বান জনাই এখন স্বচ্ছ দেশ গঢ়ি তোলাত ব্ৰতী হৈছে সেইসময়তে দলগাঁৱৰ এক দৃশ্যই চিন্তিত কৰি তুলিছে স্থানীয় লোকক ৷ সদাব্যস্ত তথা দলগাঁৱৰ মাজ মজিয়াত ৰাজ্যিক চিকিৎসালয় আৰু দৈনিক বজাৰৰ মধ্যস্থলত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এটা জাৱৰৰ দমে পৰিচয় দিছে স্থানীয় প্ৰশাসন তথা বজাৰ সমিতিৰ লগতে জনপ্ৰতিনিধি সকলৰ চৰম দায়িত্বজ্ঞানহীনতাৰ ৷
দীৰ্ঘদিন ধৰি সদাব্যস্ত অঞ্চলটোত পৰি ৰোৱা এই পেলনীয়া আৱৰ্জনাৰ দমটোৱে জীয়াতু ভোগাইছে পথচাৰীৰ লগতে চিকিৎসা কেন্দ্ৰলৈ অহা-যোৱা কৰা লোকসকলক ৷ বেমাৰৰ বীজাণুৰ বাহকৰূপী এই দমটোৱে অসাৰ প্ৰতিপন্ন কৰিছে দেশৰ মুখ্যমন্ত্ৰীৰ সকলো আহ্বানক ৷ চিকিৎসালয়খনৰ গাতে লাগি থকা এই জাৱৰৰ দমটোৱে এক প্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছে চিকিৎসাধীন ৰোগী তথা স্বাস্থ্যকৰ্মী সকলৰ প্ৰতি ৷
উল্লেখযোগ্য যে, স্থানীয় লোক তথা চিকিৎসালয় কৰ্তৃপক্ষই বাৰাম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জাৱৰ নিষ্কাষণৰ বাবে অনুৰোধ কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ সম্প্ৰতি স্বচ্ছ ভাৰত মিছনৰ দৰে অভিযান কাৰ্যকৰী কৰা হৈ থকাৰ পাচতো দলগাঁও প্ৰশাসনৰ এনে ভুমিকাৰ প্ৰতি আঙুলি টোৱাইছে একাংশ সচেতন লোকে ৷ ইফালে, জনৱসতিপূৰ্ণ অঞ্চলসমূহ চেনিটাইজেশ্বন তথা চাফ-চিকুণ কৰি থকাৰ সময়তে দৰঙৰ দলগাঁৱৰ এই দৃশ্যই চিন্তিত কৰি তুলিছে স্থানীয় ৰাইজক ৷