দৰং,9 মাৰ্চঃ সোমবাৰে দৰং জিলাৰ গৃহৰক্ষী বাহিনীৰ এক সংবাদমেল অনুষ্ঠিত হৈ যায় ৷ অসম গৃহৰক্ষী বাহিনীয়ে দীৰ্ঘদিন ধৰি চৰকাৰৰ আগত বিভিন্ন ধৰণৰ দাবীসমূহ উত্থাপন কৰি আহিছে ৷ কিন্তু চৰকাৰে এই সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে অসম গৃহৰক্ষী বাহিনীয়ে ৷ সোমবাৰে মঙলদৈ প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰে গৃহৰক্ষী বাহিনীৰ দৰং জিলা সমিতিয়ে ৷
কেইবাটাও দাবীৰে সংবাদমেলৰ আয়োজন দৰং গৃহৰক্ষীৰ - ২৭ মাৰ্চৰ পৰা হ’বলগীয়া নিৰ্বাচন
দৰং জিলাৰ গৃহৰক্ষী বাহিনীৰ সংবাদমেল সম্বোধন ৷ চৰকাৰে দাবীসমূহ মানি নল’লে আগন্তুক নিৰ্বাচনত কৰ্তব্য পালন নকৰাৰ সিদ্ধান্ত দৰঙৰ গৃহৰক্ষী বাহিনীৰ ৷
কেইবাটাও দাবীৰে সংবাদমেলৰ আয়োজন দৰং গৃৰৰক্ষীৰ
চৰকাৰে গৃহৰক্ষী বাহিনীৰ দাবীসমূহ ১৫ মাৰ্চৰ ভিতৰত মানি নল’লে কৰ্মবিৰতি পালনৰ হুংকাৰ প্ৰদান কৰিছে ৷ লগতে ২৭ মাৰ্চৰ পৰা হ’বলগীয়া নিৰ্বাচনত বাহিনীয়ে কৰ্তব্য পালন নকৰে বুলি জানিবলৈ দিয়ে দৰং জিলাৰ গৃহৰক্ষী বাহিনীয়ে ৷
লগতে পঢ়কঃবিধানসভা নির্বাচনত নাৰী শক্তিয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব: অপৰাজিতা ভূঞা