দৰং,19 অক্টোবৰ: দৰঙত ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ কাৰ্য নিৰ্বাহক বৈঠকখন দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ এই বৈঠকৰ অন্তত মঙলদৈ আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰে কেন্দ্ৰীয় খাদ্য সংসাধন আৰু উদ্যোগীক দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷
লুৰিণজ্য়োতি গগৈৰ পৰাজয় নিশ্চিত: ৰামেশ্বৰ তেলী - দৰং জিলা বিজেপি
দৰঙত দুুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ কাৰ্য নিৰ্বাহক বৈঠক ৷ এই বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ সংবাদমেলত উপস্থিত থাকে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস,দৰং জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা আদি ৷
![লুৰিণজ্য়োতি গগৈৰ পৰাজয় নিশ্চিত: ৰামেশ্বৰ তেলী Press meet of Rameswar teli darrang assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9228850-thumbnail-3x2-a.jpg)
সংবাদমেলত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰে ৷ লগতে পৰৱৰ্তী নিৰ্বাচনত আছু নেতা লুৰিণজ্যোতি গগৈ অৱতীৰ্ণ হ’লে পৰাজয় নিশ্চিত বুলি হুংকাৰ প্ৰদান কৰে মন্ত্ৰী তেলীয়ে । অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি নবাৰুণ মেধিয়ে সম্পন্ন হৈ যোৱা কাৰ্য নিৰ্বাহক সভাৰ সিদ্ধান্তমৰ্মে অসম সচিবালয়ত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপন, অনুসূচিত জাতিৰ বাবে 100 কোটিটকীয়া বিশেষ পেকেজ,ছাত্ৰ বৃত্তিৰ ধন বৃদ্ধি আদিকে ধৰি অনুসূচিত জাতি লোকৰ কল্যাণৰ বাবে বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে । সংবাদমেলত উপস্থিত থাকে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস,দৰং জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা আদি ৷
লগতে চাওকঃপৰ্যটকৰ বাবে পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান