অসম

assam

মঙলদৈ প্ৰেছ ক্লাৱত সংবাদমেল বিজেপি দলৰ প্ৰাৰ্থীত্ৱ প্ৰয়াসী বনমালী শৰ্মাৰ

স্থানীয় প্ৰাৰ্থী হিচাপে ৰাইজৰ সেৱা কৰিবলৈ মন বনমালী শৰ্মাৰ

By

Published : Mar 4, 2019, 4:33 AM IST

Published : Mar 4, 2019, 4:33 AM IST

মঙলদৈ প্ৰেছ ক্লাৱত সংবাদমেল বিজেপি দলৰ প্ৰাৰ্থীত্ৱ প্ৰয়াসী বনমালী শৰ্মাৰ

মঙলদৈ প্ৰেছ ক্লাৱত সংবাদমেল বিজেপি দলৰ প্ৰাৰ্থীত্ৱ প্ৰয়াসী বনমালী শৰ্মাৰ

মঙলদৈ, ৪ মাৰ্চ : দেওবাৰে মঙলদৈ প্ৰেছ ক্লাৱত আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত নিজৰ মনোভাৱ ব্যক্ত সংবাদমেল আয়োজন ৮নং মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থীত্ৱ প্ৰয়াসী বনমালী শৰ্মা । দহটা বিধান সভা সমষ্টিৰে গঠিত ৮ নং মঙলদৈ লোকসভা সমষ্টি ৰাইজৰ বিপুল সমৰ্থনৰ বাবেই তেওঁ নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হোৱাৰ বাবে মন মেলিছে বুলি মন্তব্য প্ৰকাশ কৰে যুৱনেতা বনমালী শৰ্মায়ে । তেঁও লগতে কয়, বিগত লোকসভা নিৰ্বাচন সমূহত তিনিবাৰকৈ মঙলদৈ সমষ্টিটো বিজেপিৰ দখললৈ আহে যদিও সমষ্টিটোৰ ৰাইজে একমাত্ৰ মাধৱ ৰাজবংশীৰ বাহিৰে এগৰাকীও স্থানীয় প্ৰাৰ্থী নোহোৱাত সমষ্টিবাসী ৰাইজে সাংসদ গৰাকীৰ ওচৰ চাপিবলৈ সক্ষম নহয় । স্থানীয় প্ৰাৰ্থী হিচাপে ৰাইজৰ সেৱা কৰিবলৈ তেওঁ আগবাঢ়ি অহাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা গভীৰ আস্থা আৰু যুৱ প্ৰজন্মৰ প্ৰতি তেওঁলোকে অগ্ৰাধিকাৰ দিয়াৰ বাবেই তেওঁ ৰাজনৈতিক ক্ষেত্ৰত নামিবলৈ মন মেলা বুলি সদৰী কৰে সংবাদমেল খনত । আনহাতে, প্ৰতিবাৰেই সাংসদ ৰমেন ডেকাই দৰং জিলাক ৰেল লাইনৰ মানচিত্ৰত সংযোগ কৰিম বুলি আভুৱা ভাৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে যুৱনেতা গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details