দৰং, 15 ছেপ্টেম্বৰ :দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে শুকুৰবাৰে তেওঁৰ কাৰ্যালয়ৰ সভাগৃহত এখন সংবাদ মেলত 'আয়ুষ্মান ভৱ' অভিযানৰ অধীনত জিলাখনত গ্ৰহণ কৰিবলগীয়া কাৰ্যসূচীৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰে । যোৱা ১৩ ছেপ্টেম্বৰত দেশৰ ৰাষ্ট্ৰপতিয়ে আয়ুষ্মান ভৱ অভিযানৰ শুভাৰম্ভ কৰাৰ লগে লগে সমগ্ৰ দেশৰ লগতে দৰং জিলাতো এই আঁচনিৰ কাৰ্যসূচীৰ আৰম্ভ হয় ।
সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে কয় যে এই অভিযানৰ সফল ৰূপায়নৰ বাবে জিলাখনত ইতিমধ্যে মুঠ ১১৬৭ গৰাকী আশাকৰ্মী, এম পি ডব্লিউ, চাৰ্ভিলেন্স ৱৰ্কাৰ, আশা চুপাৰভাইজাৰক যোৱা দুদিনত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । আয়ুষ্মান ভাৰত অভিযানৰ অধীনত আয়ুষ্মান আপ কে দ্বাৰ ৩.০, আয়ুষ্মান সভা, আয়ুষ্মান মেলা অনুষ্ঠিত হ’ব । তেওঁ লগতে কয় যে 'আয়ুষ্মান আপ কে দ্বাৰ ৩.০' ৰ অংশ হিচাপে ই কে ৱাই চিৰ পঞ্জীয়ন আৰু আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হ’ব ।
অহা ১৭ ছেপ্টেম্বৰৰ পৰা ১৪ অক্টোবৰলৈ প্ৰতি সপ্তাহৰ শনিবাৰে উপ স্বাস্থ্য কেন্দ্ৰ-স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ-স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ-স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ আৰু নগৰীয়া স্বাস্থ্য কল্যাণ কেন্দ্ৰত এই মেলাসমূহ অনুষ্ঠিত হ’ব । এই অভিযানৰ সময়ছোৱাত প্ৰতিটো সামূহিক স্বাস্থ্য কেন্দ্ৰতে এখনকৈ মেলা অনুষ্ঠিত হ’ব বুলি তেওঁ লগতে কয় ।