অসম

assam

ETV Bharat / state

Khel Maharan: দৰঙত জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভা

ৰাজ্যজুৰি আৰম্ভ হৈছে খেল মহাৰণ, অসম সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰস্তুতি । শনিবাৰে দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত খেল মহাৰণ, অসম সাংস্কৃতিক মহাসংগ্ৰাম আৰু অমৃত কলহ যাত্ৰা কাৰ্যসূচী সন্দৰ্ভত অনুষ্ঠিত হয় এখন পৰ্যালোচনা সভা ।

Preparations for Khel Maharan in Darrang
দৰঙত জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভা

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 8:19 AM IST

দৰং,১ অক্টোবৰ:শনিবাৰে দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত খেল মহাৰণ, অসম সাংস্কৃতিক মহাসংগ্ৰাম আৰু অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয় । জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰস্তুতি আৰু অমৃত কলহ যাত্ৰাৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয় । উক্ত সভাত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীয়ে কয় যে অসম চৰকাৰে ৰাজ্যখনৰ গাঁৱে-ভূঞে থকা ক্ৰীড়া প্ৰতিভাসমূহ চিনাক্ত কৰি তেওঁলোকৰ উপযুক্ত বিকাশৰ বাবে খেল মহাৰণৰ আয়োজন কৰিছে ।

সেইদৰে ৰাজ্যখনৰ চুকে-কোণে থকা সংগীত শিল্পী, নৃত্য শিল্পীসকলক এক উপযুক্ত মঞ্চ দিবৰ বাবে সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন কৰা হৈছে । এই দুয়োটা কাৰ্যসূচীতে ক্ৰীড়া প্ৰতিভা আৰু শিল্পীসকলে যাতে ব্যাপক হাৰত অংশগ্ৰহণ কৰে তাৰবাবে পঞ্চায়ত পৰ্যায়ৰ পৰাই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় । ইফালে অমৃত কলহ যাত্ৰাৰ সৈতে নিজৰ মাটি আৰু দেশৰ প্ৰতি গভীৰ ভালপোৱা জড়িত হৈ আছে ।

মোৰ মাটি, মোৰ দেশ কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন কৰা অমৃত কলহ যাত্ৰাই জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোকে দেশপ্ৰেমৰে উদ্বুদ্ধ কৰিছে বুলি তেওঁ মন্তব্য কৰে । দৰঙৰ গাঁৱে-গাঁৱে আয়োজিত এনে যাত্ৰাত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে মানুহৰ মাজত এই যাত্ৰাই নতুন জাগৰণ আনিছে । এই সভাত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে জিলাখনৰ গাঁৱে-ভুঞে থকা খেলুৱৈসকলে খেল মহাৰণত নাম পঞ্জীয়ন কৰি তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে যাতে উপযুক্ত সুবিধা লাভ কৰে তাৰবাবে সংশ্লিষ্ট সকলোৱে দায়বদ্ধতাৰে কাম কৰিব লাগিব ।

দৰঙৰ গ্ৰামাঞ্চলৰ এথলেটিক্স, ফুটবল, ভলীবল, কাবাদী, খো-খো খেলুৱৈসকলৰ নাম পঞ্জীয়ন দ্ৰুততাৰে নিয়াৰিকৈ সম্পন্ন কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক নিৰ্দেশ দিয়ে । অহা ১ নবেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া এই খেল মহাৰণত গাঁও পঞ্চায়ত, সমষ্টি আৰু জিলা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া খেলসমূহৰ বাবে খেলপথাৰ, খেল পৰিচালনা আদি সকলো দিশ সামৰি এখন এছ অ' পি প্ৰস্তুত কৰিবলৈ তেওঁ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে ।

অহা ২৫ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া সাংস্কৃতিক মহাসংগ্ৰামত জিলাখনৰ সংগীত শিল্পী, লোকনৃত্য (দলীয়) শিল্পীসকলে যাতে প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পায় তাৰবাবে সংশ্লিষ্ট সকলোৱে নিজৰ নিজৰ দায়িত্ব দায়বদ্ধতাৰে পালন কৰাৰ ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰে । তেওঁ কয় যে এই দুয়োটা কাৰ্যসূচীয়ে গ্ৰামাঞ্চলৰ খেলুৱৈ আৰু শিল্পীসকলক বিশেষভাবে উপকৃত কৰিব ।

দৰঙৰ খেলুৱৈসকলে খেল মহাৰণৰ জৰিয়তে আৰু শিল্পীসকলে যাতে সাংস্কৃতিক মহাসংগ্ৰামৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰদৰ্শন আৰু বিকাশৰ সুযোগ লাভ কৰে তাৰবাবে সংশ্লিষ্ট সকলোৱে নাম পঞ্জীয়ন কৰাৰ পৰাই গুৰুত্ব সহকাৰে কাম কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে । দৰং জিলাত প্ৰতিখন গাঁও আৰু ৱাৰ্ডৰ প্ৰতিঘৰৰ মাটি বা চাউল অমৃত কলহত সংগ্ৰহ অভিযানত ৰাইজৰ উৎসাহপূৰ্ণ অংশগ্রহণৰ পিছত পৰৱৰ্তী কাৰ্যসূচীৰ প্ৰস্তুতিৰ বিষয়ে আজিৰ সভাত পৰ্যালোচনা কৰা হয় ।

এই কাৰ্যসূচীৰ অংশ হিচাপে অমৃত কলহ প্ৰতিখন গাওঁ পঞ্চায়ত তথা ৱাৰ্ডৰ পৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ শোভাযাত্রা কৰি মৰ্যাদা সহকাৰে লৈ যোৱা হ'ব । এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে বিধি অনুসৰি সকলো পদক্ষেপ গ্রহণ কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে । এই পৰ্যালোচনা সভাত দৰং জিলাৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, অতিৰিক্ত জিলা আয়ুক্ত জোনটি ডেকা আৰু উপাসনা দত্তও উপস্থিত থাকে ।

লগতে পঢ়ক:Bihu in Japan: জাপানত বিহু শিকাই যোৰহাট পালেহি কৰৱী গগৈ

ABOUT THE AUTHOR

...view details