অসম

assam

By

Published : Jun 30, 2020, 3:29 PM IST

ETV Bharat / state

বিধ্বস্ত পথত অতিস্থ ৰাইজ

দলগাঁৱত জৰাজীৰ্ণ পথ মেৰামতিৰ নকৰাৰৰ অভিযোগত স্থানীয় বিধায়ক আৰু গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি শীঘ্ৰে পথটো মেৰামতি কৰি দিবলৈ আহ্বান জনাইছে ৰাইজে ৷

Poor Road Condition At Dalgaon
দলগাঁৱত বিধ্বস্ত পথত অতিস্থ ৰাইজ

দলগাঁও, 30 জুনঃদৰং জিলাৰ দলগাঁৱৰ শিয়ালমাৰি বৰকুৰ সংযোগী পথটোক লৈ এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে স্থানীয় ৰাইজৰ ৷ দীৰ্ঘ দিনৰে পৰা পথৰ মাজত প্ৰকাণ্ড-প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত সৃষ্টি হোৱাত যাতায়াতৰ বাবে জলা-কলা খাবলগীয়া হৈছে পথাচাৰী সকলে ৷

দলগাঁৱত বিধ্বস্ত পথত অতিস্থ ৰাইজ

উল্লেখ্য যে, দৰঙৰ দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোনোকাটা , শিয়ালমাৰি , বৰকুৰ সংযোগী পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ আছে ৷ তাৰোপৰি উক্ত পথটো বছৰ-বছৰ ধৰি মেৰামতি নকৰাৰ বাবে এজাক বৰষুণতে একাঠু পানী জমা হৈ পুখুৰীৰ সদৃশ হৈ পৰে ৷ ফলত যাতায়তৰ ক্ষেত্ৰত যমৰ- যাতনা ভুগিব লগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ।

আনহাতে, কল্যাণ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ কেইমিটাৰমান দূৰত্বত থকা উক্ত পথচোৱা মেৰামতিৰ কৰি দিবলৈ স্থানীয় বিধায়কৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছিল ৷ কিন্তু ৰাইজৰ আহ্বানক কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে স্থানীয় জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষয়ৰ বিৰুদ্ধে ৷ পথটো মেৰামতিৰ বাবে স্থানীয় বিধায়ক কিম্বা পঞ্চায়ত প্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ ইতিমধ্যে এই পথটোৰে যাতায়াতৰ বাবে বহু অসুবিধা সৃষ্টি হোৱাত অতিষ্ঠ হৈ শতাধিক পুৰুষ মহিলা পথলৈ ওলাই আহি বিধায়ক ইলিয়াচ আলীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । উক্ত পথটো অতি শীঘ্ৰে মেৰামতিৰ কৰি দিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ দাবীত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details