দৰং,18 মেঃ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী আৰু বিষয়া-কৰ্মচাৰীৰ অকৰ্মণ্যতাৰ ফল ভোগ কৰিছে সাধাৰণ জনতাই ৷ ছিপাঝাৰৰ পথৰ জৰাজীৰ্ণ অৱস্থাই লৈছে ভয়ানক ৰূপ ৷ ছিপাঝাৰৰ দিপীলা-মুক্তাপুৰ সংযোগী গড়কাপ্তানি পথে জীয়াতু ভোগাইছে সাধাৰণ জনতাক ৷ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ব্যস্ত এই পথটোৰ দৰং কামৰূপ সীমান্তৰ বালিকুছিৰ বৃহৎঅংশ দীৰ্ঘ কাল ধৰি বিধ্বস্ত হৈ থকাৰ পিছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ যাৰ ফলত হাহাকাৰ সৃষ্টি হৈছে পথচাৰীৰ লগতে বিভিন্ন যান-বাহনেৰে অহা যাত্ৰী সকলৰ ৷ ইতিমধ্যে,পথটোৰ পুখুৰী সদৃশ গাঁতত পৰি দুৰ্ঘটনাত পতিত হৈছে বহু যান-বাহন৷ টংলা ওদালগুৰিৰ পৰা গুৱাহাটীলৈ এই পথটো অতি চমু হোৱা হেতুকে এসময়ত এই পথেৰে নিয়মীয়াকৈ বাছ চলাচল কৰিছিল৷ কিন্তু মেৰামতিৰ অভাৱত বিধস্ত হোৱা পথছোৱাৰে বন্ধ হৈ পৰিল বাছ সেৱা । ৰাইজে স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহল ৷
জৰাজীৰ্ণ পথে দুৰ্ভোগ ভোগাইছে ছিপাঝাৰবাসীক - গড়কাপ্তানি বিভাগ
পথটোৰ পুখুৰী সদৃশ গাঁতত পৰি দুৰ্ঘটনাত পতিত হৈছে বহু যান-বাহন
![জৰাজীৰ্ণ পথে দুৰ্ভোগ ভোগাইছে ছিপাঝাৰবাসীক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3312930-thumbnail-3x2-ss.jpg)
জৰাজীৰ্ণ পথে দুৰ্ভোগ ভূগাইছে ছিপাঝাৰবাসীক
জৰাজীৰ্ণ পথে দুৰ্ভোগ ভূগাইছে ছিপাঝাৰবাসীক
উল্লেখযোগ্য যে,নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত পশ্চিম দৰঙলৈ স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহুবাৰ অঞ্চলটোলৈ আহিছিল যদিও আকাশী পথৰে অহাৰ বাবে তেওঁলোকৰ চকুৰ আঁতৰত থাকি গল ৰাইজৰ এই দুদৰ্শাৰ ছবি ।
Last Updated : May 18, 2019, 9:27 AM IST