দৰং,22 মাৰ্চ : আগন্তুক নিৰ্বাচনত কোনো ভোটাৰে যাতে ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া নহয়, তাৰ বাবে পদক্ষেপ হাতত লৈছে নিৰ্বাচন আয়োগে । নিৰ্বাচন আয়োগৰ নিৰ্দেশানুসৰি, সোমবাৰে প’ষ্টেল বেলটযোগে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিছে মঙলদৈ নিৰ্বাচন জিলাৰ জিলা প্ৰশাসনে ।
মূলতঃ 80 বছৰ বা তাতকৈ ঊৰ্ধৰ ব্যক্তি, বিশেষভাৱে সক্ষম ব্যক্তি আৰু ক’ভিডত আক্ৰান্ত ব্যক্তিয়ে যাতে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ ভোটদান কৰিব পাৰে তাৰ বাবে ঘৰে ঘৰে গৈ ভোটগ্ৰহণৰ ব্যৱস্থা কৰিব ভোটগ্ৰহণকাৰী বিষয়াসকলে । ইতিমধ্যে মঙলদৈ নিৰ্বাচনী জিলাৰ চাৰিটা সমষ্টিৰ পৰা বিশেষভাৱে সক্ষম আৰু 80 বছৰ বা তাতকৈ ঊৰ্ধৰ সৰ্বমুঠ 1,706 জন লোকে প’ষ্টেল বেলটেৰে ভোটদান কৰাৰ বাবে আবেদন কৰিছিল ।
মঙলদৈ নিৰ্বাচনী জিলাৰ জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই জনোৱা মতে, মঙলদৈ মহাবিদ্যালয়ত স্থাপিত কেন্দ্ৰৰ পুলিং, প্ৰিজাইডিং বিষয়াসকল নিৰ্দিষ্ট লোকৰ ঘৰলৈ গৈ ভোট সংগ্ৰহ কৰিব । প্ৰথমবাৰৰ বাবে এনেকৈ ভোট দিবলৈ সুবিধা পোৱা বাবে উৎসাহিত হৈ পৰিছে ভোটাৰসকল । ইয়াৰে 714 গৰাকী বিশেষভাৱে সক্ষম ব্যক্তি হোৱাৰ বিপৰীতে 992 গৰাকী 80 বছৰ বা তাতকৈ ঊৰ্ধৰ ব্যক্তি ।
উল্লেখ্য যে, 65 নং কলাইগাওঁ সমষ্টিৰ পৰা 111 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে আৰু ইয়াৰে 47 গৰাকী বিশেষভাৱে সক্ষম ব্যক্তি হোৱাৰ বিপৰীতে 64 গৰাকী 80 বছৰ বা তাতকৈ ঊৰ্ধৰ ।