অসম

assam

ETV Bharat / state

হায় অসম আৰক্ষী! যুৱতীক নাঙঠ কৰি ওৰে নিশা শাৰীৰিক অত্যাচাৰ - মহেন্দ্ৰ শৰ্মা

দৰং জিলাৰ বুঢ়া আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই তিনিগৰাকী যুৱতীক উলংগ কৰি ওৰে নিশা শাৰীৰিক উৎপীড়ন চলোৱাৰ অভিযোগ । এই জঘন্য কাণ্ডত সহযোগ বিনীতা নামৰ এগৰাকী কনিষ্টবলৰ । মহিলা কেইগৰাকীক যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ বিষয়াজনৰ বিৰুদ্ধে ।

যুৱতীক নাঙঠ কৰি ওৰে নিশা শাৰীৰিক অত্যাচাৰ

By

Published : Sep 17, 2019, 1:06 PM IST

Updated : Sep 17, 2019, 1:23 PM IST

দৰং, 17 চেপ্টেম্বৰঃঅসম আৰক্ষীৰ চূড়ান্ত বৰ্বৰতা ৷ দৰং জিলাৰ বুঢ়া আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই তিনিগৰাকী যুৱতীক উলংগ কৰি ওৰে নিশা শাৰীৰিক উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । এই জঘন্য কাণ্ডত সহযোগ কৰাৰ অভিযোগ বিনীতা নামৰ এগৰাকী কনিষ্টবলৰ বিপক্ষে । মহিলা কেইগৰাকীক যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ বিষয়াজনৰ বিৰুদ্ধে । যোৱা ৯ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই কাণ্ড।

অভিযুক্ত মহেন্দ্ৰ শৰ্মা

তথ্যানুসৰি,তিনিগৰাকী যুৱতীক গুৱাহাটীৰ পৰা উঠাই নি অত্যাচাৰ চলাইছিল বুঢ়া আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই । অভিযোগ অনুসৰি,অভিযুক্তক নাপাই আত্মীয়ক উঠাই নিছিল আৰক্ষীয়ে । মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে । ভুক্তভোগীৰ অভিযোগ, বিষয়টো গাপ দিয়াৰ চেষ্টা দৰং আৰক্ষী অধীক্ষকৰ । আনহাতে এইপৰ্যন্ত মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই দৰং আৰক্ষীয়ে । এতিয়া প্ৰশ্ন হয় যি সময়ত থানাৰ ভিতৰত আচামীক প্ৰহাৰ কৰাটোৱেই নীতিবৰ্হিভূত তেনেক্ষেত্ৰত বিনাদোষীক এনে ধৰণেৰে বিনা দোষত শাস্তি বিহাটো কিমান দূৰ যুক্তিযুক্ত?

যুৱতীক নাঙঠ কৰি ওৰে নিশা শাৰীৰিক অত্যাচাৰ
Last Updated : Sep 17, 2019, 1:23 PM IST

ABOUT THE AUTHOR

...view details