অসম

assam

ETV Bharat / state

দৰঙত কংগ্ৰেছৰ সমদলত বাধা প্ৰশাসনৰ

দৰঙৰ পাথৰিঘাটত কংগ্ৰেছৰ অসম বচাওঁ আহক অভিযানত আৰক্ষীৰ বাধা ৷ সমদলত বাধা দিয়া বাবে পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় প্ৰদ্যুৎ বৰদলৈ ৷

প্ৰদ্যুৎ বৰদলৈক বাধা
প্ৰদ্যুৎ বৰদলৈক বাধা

By

Published : Feb 27, 2021, 3:58 PM IST

Updated : Feb 27, 2021, 9:13 PM IST

দৰং, 27 ফেব্ৰুৱাৰী :দৰঙৰ পাথৰিঘাটত কংগ্ৰেছৰ অসম বচাওঁ আহক অভিযানৰ ৰেলীত আৰক্ষীৰ বাধা ৷ নিৰ্বাচনী অধিসূচনা বলৱৎ হোৱাৰ পাচতে দৰং জিলা প্ৰশাসনে জাৰি কৰিছে 144 ধাৰা ৷ জিলা প্ৰশাসনে জাৰি কৰা 144 ধাৰা অমান্য কৰি প্ৰদ্যুৎ বৰদলৈৰ নেতৃত্বত দৰং জিলাত কংগ্ৰেছে উলিয়াইছিল এই ৰেলী ৷

এই ৰেলীত বাধা দিয়াৰ বাবে পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ সৈতে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হয় প্ৰদ্যুৎ বৰদলৈ ৷ প্ৰশাসনৰ বাধাৰ বাবে ৰেলী আধাতে সামৰিব লগা হয় কংগ্ৰেছে ৷

দৰঙৰ পাথৰিঘাটত কংগ্ৰেছৰ অসম বচাওঁ অভিযানত আৰক্ষীৰ বাধা

উল্লেখ্য যে, শুকুৰবাৰে নিৰ্বাচনী আয়োগে এক সংবাদমেল সম্বোধন কৰি অসমৰ লগতে কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিম বংগৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে ৷ সেই অনুসৰি, অসমত তিনিটা পৰ্যায়ত 27 মাৰ্চ, 1 এপ্ৰিল আৰু 6 এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ এই দিনা ঘোষণাৰ পাচতে অসমত জাৰি কৰা হৈছে নিৰ্বাচনী অধিসূচনা অথবা নিৰ্বাচনী আচৰণ বিধি ৷

লগতে পঢ়ক :মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰিলে বৰাকৰ মিনি সচিবালয়

Last Updated : Feb 27, 2021, 9:13 PM IST

ABOUT THE AUTHOR

...view details