অসম

assam

ETV Bharat / state

জীৱিত অৱস্থাতে চোৰাং চিকাৰীয়ে কাটি নিলে গঁড়ৰ খৰ্গ

এইবাৰ চোৰাং চিকাৰীয়ে জীৱিত অৱস্থাতে কাটি নিলে গঁড়ৰ খৰ্গ (Poachers cut off rhino horns) ৷ এই ঘটনা সংঘটিত হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ 15 নং মাগুৰমাৰীত ৷ তথ্য অনুসৰি, ডাঃ বিজয় গগৈৰ নেতৃত্বত এটা চিকিৎসকৰ দলে গঁড়টো টেংকুলাইছ কৰি ইতিমধ্যে চিকিৎসা আৰম্ভ কৰিছে ।

জীৱিত অৱস্থাতে চোৰাং চিকাৰীয়ে কাটি নিলে গঁড়ৰ খৰ্গ
জীৱিত অৱস্থাতে চোৰাং চিকাৰীয়ে কাটি নিলে গঁড়ৰ খৰ্গ

By

Published : May 12, 2022, 10:27 AM IST

দৰং, 12 মে’ :ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন ৷ জীৱিত অৱস্থাতে এইবাৰ গঁড়ৰ খৰ্গ কাটি নিলে চোৰাং চিকাৰীয়ে (Poachers cut off rhino horns) ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ 15 নং মাগুৰমাৰীত সংঘটিত হৈছে এই ঘটনা ৷ এই কথা পোহৰলৈ অহাত এতিয়া চকু কঁপালত উঠিছে প্ৰকৃতিপ্ৰেমী তথা সাধাৰণ ৰাইজৰ ৷

তথ্য অনুসৰি, চোৰাং চিকাৰীয়ে জীৱিত অৱস্থাতে গঁড়ৰ খৰ্গ কাটি নিয়াৰ পাচত বুধবাৰে চিকিৎসকৰ এটা দলে আৰম্ভ কৰিছে চিকিৎসা ৷ ডাঃ বিজয় গগৈৰ নেতৃত্বত এটা চিকিৎসকৰ দলে গঁড়টো টেংকুলাইছ কৰি ইতিমধ্যে চিকিৎসা আৰম্ভ কৰিছে । চিকিৎসকৰ দলটোৰ সন্দেহ চোৰাং চিকাৰীয়ে টেংকুলাইছ কৰি গঁড়ৰ খৰ্গটো কাটি লৈ গৈছে ৷

ইফালে অভিযোগ অনুসৰি, ৰাষ্ট্ৰীয় উদ্যানখনৰ 15 নং মাগুৰমাৰীত সংঘটিত এই ঘটনাক বন বিভাগে গাপ দিবলৈহে চেষ্টা কৰিছে ৷

লগতে পঢ়ক :ওৰাং ৰাষ্টীয় উদ্যানত ২০২২ বৰ্ষৰ গড় গণনা সম্পূৰ্ণ

ABOUT THE AUTHOR

...view details