দৰং, 23 জুন : অবৰ্ণনীয় ৰাজ্যৰ বানপৰিস্থিতি (Floon in Assam 2022)৷ এতিয়াও বানৰ কবলত ৰাজ্যৰ বহুকেইখন জিলা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ দৰং জিলাৰ কেবাটাও অঞ্চল বুৰ গৈছে বানত (Flood in Darang) ৷
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই দৰঙৰ বান বিধ্বস্ত কেবাটাও অঞ্চল পৰিদৰ্শন কৰে (Pijush Hazarika visited flood affected areas of Darang district) ৷ লগতে ৰঙামাটী, বৰথেকেৰাবাৰী, ধনখুণ্ডা, নগাঁও আদিৰ বন্যাৰ্তসকলৰ ঘৰসমূহ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । বিশেষকৈ শাকতোলা নদীৰ ভঙা মঠাউৰিৰে সোমোৱা পানীয়ে ক্ষতিগ্ৰস্ত কৰা লোকসকলক পাৰ্যমানে সহায় কৰিবলৈ জিলা উপায়ুক্তগৰাকীক কঠোৰ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই ৷