অসম

assam

গাহৰিৰ অচিন ৰোগে বিপাঙত পেলাইছে গাহৰি পালকক

By

Published : Jun 15, 2021, 10:56 PM IST

পশুধনৰ অচিন ৰোগে বিপাঙত পেলাইছে দৰং আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী ঔতলাৰ অকলিবাৰীৰ গাহৰি পালকসকলক ৷ 2019 চনৰ পৰা গাহৰি পালন কৰি অহা অঞ্চলটোৰ কেইজনমান স্থানীয় যুৱকে স্বনিৰ্ভৰশীল হোৱাৰ সপোনেৰে বিভিন্ন উন্নত প্ৰজাতিৰ গাহৰি পালন কৰিছিল যদিও বিগত এপ্ৰিল মাহৰ পৰা গাহৰিসমূহৰ শৰীৰত দেখা দিয়া অচিন ৰোগে চিন্তিত কৰি তুলিছে যুৱককেইজনক ৷

pig farmer's of darrang depressed over unidentified disease of pig
গাহৰিৰ অচিন ৰোগে বিপাঙত পেলাইছে গাহৰি পালকক

দৰং, 15 জুন : এফালে কৰ'ণাৰ গ্ৰাসত জুৰুলা ৰাজ্যৰ প্ৰতিটো খণ্ড আনফালে পশুধনৰ অচিন ৰোগে বিপাঙত পেলাইছে দৰং আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী ঔতলাৰ অকলিবাৰীৰ গাহৰি পালকসকলক ৷ 2019 চনৰ পৰা গাহৰি পালন কৰি অহা অঞ্চলটোৰ কেইজনমান স্থানীয় যুৱকে স্বনিৰ্ভৰশীল হোৱাৰ সপোনেৰে বিভিন্ন উন্নত প্ৰজাতিৰ গাহৰি পালন কৰিছিল যদিও বিগত এপ্ৰিল মাহৰ পৰা গাহৰিসমূহৰ শৰীৰত দেখা দিয়া অচিন ৰোগে চিন্তিত কৰি তুলিছে যুৱককেইজনক ৷ দুটামাহৰ ভিতৰত প্ৰায় শতাধিক গাহৰিৰ মৃত্যুয়ে সকলো সপোন পানী কৰি পেলাইছে যুৱক কেইজনৰ ৷

গাহৰিৰ অচিন ৰোগে বিপাঙত পেলাইছে গাহৰি পালকক

ইফালে, স্থানীয় পশু চিকিৎসা বিভাগে গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰিয়েই সমষ্ট দায়িত্ব এৰিলে ৷ আজিলৈকে তেজৰ কোনো ৰিপ'ৰ্ট প্ৰেৰণ নকৰিলে বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় গাহৰি পালকসকলে ৷ আৰ্থিক সংকটত পৰা গাহৰি পালকসকলে বহু লক্ষাধিক টকা লোকচানৰ সন্মুখীন হোৱাত মূৰে-কপালে হাত দিব লগাত পৰিছে যুৱক কেইজনৰ লগতে স্থানীয় গাহৰি পালকসকলে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত এক তদন্তৰ অহ্বান জনাইছে গাহৰি পালক সকলে অন্যথা ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিব দিয়ে ৷

লগতে পঢ়ক:ৰাজ্যত পুনৰ প্ৰশাসনিক বিভাগত ব্যাপক ৰদবদল

ABOUT THE AUTHOR

...view details