দৰং,9 অক্টোবৰ: দৰঙীয়াসকলৰ বাবে এক সুখবৰ ৷ স্থানীয় বিধায়ক গুৰুজ্যোতি দাসৰ তত্বাৱধানত মঙলদৈৰ চেৰেং চাপৰিত নিৰ্মাণ হৈছে এক বনভোজস্থলী ৷ শুকুৰবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মিত এই বনভোজস্থলী ৰাইজৰ বাবে মুকলি কৰি দিয়ে বিধায়ক গৰাকীয়ে ৷
মঙলদৈত নৱনিৰ্মিত বনভোজস্থলীৰ শুভ উদ্বোধন স্থানীয় বিধায়কৰ
দৰঙৰ মঙলদৈৰ চেৰেং চাপৰিত শুকুৰবাৰে বনভোজস্থলীৰ শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক গুৰুজ্যোতি দাসে ৷ ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ কৰা হৈছে এই বনভোজস্থলী ৷
মঙলদৈত নৱনিৰ্মিত বনভোজস্থলীৰ শুভ উদ্বোধন স্থানীয় বিধায়কৰ
উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক গুৰুজ্যোতি দাসসসহ মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ,বিজেপিৰ যুৱ নেতা প্ৰণৱ কুমাৰ বৰুৱা,প্ৰাক্তন পৌৰপতি জীৱন শীল আৰু বহু বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়ক:বৰমাত প্ৰয়াত ড° দেৱধৰ শৰ্মাৰ সোঁৱৰণত গ্ৰন্থ উন্মোচন