অসম

assam

By

Published : Feb 11, 2020, 3:53 AM IST

Updated : Feb 11, 2020, 5:06 AM IST

ETV Bharat / state

মেট্ৰিক পৰীক্ষা হলত বায়েকে কৈ গ’ল আৰু লিখি গ’ল ভনিয়েকে..

শাৰিৰীক সক্ষমতা যে জীৱনত হেঙাৰ হ’ব নোৱাৰে তাৰে এক উদাহৰণ দাঙি ধৰিলে মঙলদৈৰ এগৰাকী ছাত্ৰীয়ে ৷ পৰীক্ষা হলত ছাত্ৰীগৰাকীয়ে কৈ গ’ল আৰু উত্তৰ বহীত লিখি গ’ল কনিষ্ঠ ভগ্নীয়ে ৷

মেট্ৰিক পৰীক্ষা হলত বায়েকে কৈ গ’ল আৰু লিখি গ’ল ভনিয়েকে..
মেট্ৰিক পৰীক্ষা হলত বায়েকে কৈ গ’ল আৰু লিখি গ’ল ভনিয়েকে..

দৰং, 11 ফেব্ৰুৱাৰীঃসোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা ৷ ৰাজ্যৰ 860 টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে ৰাজ্যৰ মুঠ ৩ লাখ ৫৮ হাজাৰ ৪৫৩ গৰাকী পৰীক্ষাৰ্থী ৷

ইয়াৰ মাজতেই দৰং জিলাৰ মঙলদৈৰ এগৰাকী ছাত্ৰীয়ে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সকলোৰে ৷ জীৱনত যদি আগুৱাই যোৱাৰ মনত প্ৰবল ইচ্ছা শক্তি থাকে তেন্তে কোনো শাৰিৰীক সক্ষমতা অথবা অন্যান্য কাৰণ যে বাধা হ’ব নোৱাৰে তাৰে প্ৰমাণ দাঙি ধৰিলে ছাত্ৰীগৰাকীয়ে ৷

হয়, আমি কৈছো প্ৰফুল্ল নগৰৰ বাসিন্দা কমল বৰাৰ বিশেষ ভাবে সক্ষম জীয়ৰী ৰুণা বৰাৰ কথা ৷ জন্মৰ পৰাই বিশেষ ভাবে সক্ষম ৰুণা ৷ এক জটিল ৰোগত আক্ৰান্ত এইগৰাকী ছাত্ৰী ৷ জীৱন সংগ্ৰামত প্ৰতিদিনে ৰুণাক প্ৰয়োজন হয় 17 টাকৈ টেবলেটৰ ৷ কিন্তু তথাপি হাৰ মনা নাই ৰুণাই ৷ অন্তৰত পুহি ৰাখিছে আগুৱাই যোৱাৰ উদম্য শক্তি ৷

ৰুণা বৰাৰ জীৱন আদৰ্শ

তাৰেই ফলস্বৰূপে এইবাৰ অৱতীৰ্ণ হৈছে সোমবাৰৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৷ অৱশ্যে শাৰীৰিক ভাবে দুৰ্বল হোৱা বাবে আঙুলিৰে কলম ধৰিব নোৱাৰে ৰুণাই ৷ সেইবাবে বিদ্যালয়ৰ পৰিদৰ্শকৰ অনুমতি সাপেক্ষে ৰুণাৰ লগত পৰীক্ষা হলত সংগ দিছে অষ্টম মানৰ নিজৰ কনিষ্ঠ ভগ্নী তৃষ্ণামণি বৰাই ৷ ৰুণাই কৈ যায় আৰু উত্তৰ লিখি যায় ভগ্নীয়ে ৷ ৰুণাৰ আশা এইবাৰ পৰীক্ষাত ভাল ফলাফল কৰিবলৈ সক্ষম হ’ব তাই ৷

Last Updated : Feb 11, 2020, 5:06 AM IST

ABOUT THE AUTHOR

...view details