অসম

assam

বিশেষভাৱে সক্ষম ৰুনা বৰাৰ বাসগৃহত উপস্থিত বিধায়ক গুৰুজ্যোতি দাস

By

Published : Jun 6, 2020, 3:31 PM IST

মঙলদৈৰ প্ৰফুল্ল নগৰৰ বিশেষ ভাবে সক্ষম ৰুনা বৰাৰ ফলাফলত উৎফুল্লিত মঙলদৈবাসী ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 47.16% শতাংশ নম্বৰ লৈ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে বিশেষভাৱে সক্ষম ৰুনা বৰা ।

ETV BHARAT
বিশেষ ভাবে সক্ষম ৰুনা বৰাৰ বাসগৃহত উপস্থিত বিধায়ক গুৰুজ্যোতি দাস

দৰং, 6 জুনঃ দৰং জিলাৰ মঙলদৈৰ প্ৰফুল্ল নগৰৰ বিশেষভাৱে সক্ষম ছাত্ৰী ৰুনা বৰাৰ ফলাফলত উৎফুল্লিত মঙলদৈ বাসীৰাইজ ৷ ইতিমধ্যে বিধায়ক গুৰুজ্যোতি দাস উপস্থিত হৈছে ছাত্ৰীগৰাকীৰ বাসগৃহত ৷

বিশেষ ভাবে সক্ষম ৰুনা বৰাৰ বাসগৃহত উপস্থিত বিধায়ক গুৰুজ্যোতি দাস

শনিবাৰে ঘোষিত হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ দৰং জিলাৰ মঙলদৈৰ প্ৰফুল্ল নগৰতো এক আনন্দময় পৰিৱেশে বিৰাজ কৰিছে। কাৰণ আজিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মঙলদৈৰ প্ৰফুল্ল নগৰ(বিদ্যানগৰ)ৰ কমল বৰা আৰু মামনী বৰাৰ বিশেষভাৱে সক্ষম ছোৱালী ৰুনা বৰাও হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৷ ৰুণাৰ উত্তীৰ্ণ হোৱা খবৰ পায় ওচৰ চুবুৰীয়া আলহী- অতিথি ভৰি পৰিছে ৰুনা বৰাৰ ঘৰ,সকলোৱে শুভেচ্ছা জনাইছে ৰুনাক। ৰুনা বৰা জন্মগতভাৱে এগৰাকী বিশেষভাৱে সক্ষম ছোৱালী। তাই নিজে আনৰ সহায় নহ'লে উঠিব-খোজকাঢ়িব নোৱাৰে । আনকি মাক বাপেকৰ সহায় নহ'লে তাই খাদ্য খাব বা শৌচ- প্ৰসাৱ কৰিবও নোৱাৰে। ৰুনাক প্ৰতিদিনে মুঠ ওঠৰ টাকৈ টেৱলেট খুৱাব লাগে । এই ৰুনাই এই বাৰ মঙলদৈ কলেজিয়েট হাই স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ উল্লেখ্যে যে, উত্তৰ মঙলদৈ হাইস্কুল পৰীক্ষা কেন্দ্ৰত ভনীয়েক তৃষ্ণামনি বৰাৰ সতে পৰীক্ষাকেন্দ্ৰত ৰুনাই প্ৰশ্ন কাকতৰ প্ৰশ্নৰ উত্তৰ কৈ যায় আৰু ভনীয়েক তৃষ্ণাই পৰীক্ষাৰ উত্তৰ বহীত উত্তৰ লিখি যায়,এনে দৰে শাৰীৰিক বাধাকো নেওচি আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 47.16% শতাংশ নম্বৰ লৈ দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয় ৰুনা বৰা ।

লগতে পঢ়ক- হাইমাদ্ৰাছা পৰীক্ষাত দ্বিতীয় স্থান দখল আলিকাষৰ আফচানা য়াচমিনৰ

ABOUT THE AUTHOR

...view details